নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰিল ট্ৰেক্টৰ! ৯ জনৰ মৃত্যু, আহত ১০

117

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ভয়ংকৰ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পুখুৰীত বাগৰি পৰিল এখন ট্ৰেক্টৰ।

দুৰ্ঘটনাত নিহত ৯ জন লোক, আহত হৈছে ১০ জনৰো অধিক।

জানিব পৰা মতে, সোমবাৰে লোক কেইজনে মন্দিৰলৈ যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাৰ সময়ত ট্ৰেক্টৰখনত আছিল মুঠ ৪৫ জন লোক।

ইতিমধ্যে উদ্ধাৰকাৰী দলে পুখুৰীত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

বৰ্তমানলৈকে ৯ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে পুখুৰীৰ পৰা।

আহত সকলক প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ।