নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল বাহন, বিধায়ক পুত্ৰসহ প্ৰাণ হেৰুৱালে ৭ গৰাকী মেডিকেল ছাত্ৰই

98

সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন দ খাৱৈত বাগৰি পৰাৰ ফলত ৭ গৰাকী মেডিকেল ছাত্ৰৰ কৰুণ মৃত্যু ঘটে। নিহতসকলৰ মাজৰ এজন বিজেপি বিধায়কৰ পুত্ৰ আছিল বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, সোমবাৰে নিশা চেলচুৰা শিৱৰৰ মাজেৰে পাৰ হৈ যাওঁতে পথৰ দাঁতিৰ ঘন জংঘলৰ মাজৰ পৰা অকস্মাত এটা বন্য জন্তু গাড়ীৰ সন্মুখত উপস্থিত হয়। যাৰ ফলত জন্তুটো বচাবলৈ চেষ্টা কৰোঁতে ছাত্ৰ কেইজনৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু দলং ভাঙি দ খাৱৈত বাগৰি পৰে।

ৱাৰ্ধাৰ ওচৰৰ তুলজাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চেলচুৰা শিৱৰত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। জানিব পৰা মতে, গাড়ীখনত থকা ৭ জন শিক্ষাৰ্থী সাৱংগী মেঘে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। তেওঁলোকে যৱতমালৰ পৰা সাৱংগী মেঘেলৈ উভতি অহাৰ পথতে নিশা প্ৰায় ১১.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

ভয়ংকৰ দুৰ্ঘটনাটোত তিৰোদা বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক বিজয় ৰাহাংদালেৰ পুত্ৰ আৱিষ্কাৰ ৰাহাংদালেৰো কৰুণ মৃত্যু ঘটে।

দুৰ্ঘটনাত মৃত্যু ঘটা আন ৬ গৰাকী শিক্ষাৰ্থীক ক্ৰমে- নীৰজ চৌহান, নীতিশ সিং, বিবেক নন্দন, প্ৰত্যুষ সিং, শুভম জয়ছোৱাল আৰু পৱন শক্তি বুলি চিনাক্ত কৰা হৈছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক ২ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে। একে সময়তে, আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।