নিশ্চিত হল, ডঃ হিমন্ত বিশ্ব শৰ্মা হব পৰৱৰ্তী মুখ্যমন্ত্ৰী

84

অৱশেষত অন্ত পৰিল সকলো জল্পনা কল্পনাৰ। আজি ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে নিশ্চিত হল ডঃ হিমন্ত বিশ্ব শৰ্মা। একালৰ কংগ্ৰেছ নেতা তথা বৰ্তমানৰ বিজেপি নেতা হিমন্ত বিশ্ব সপ্ৰমাৰ নাম আজি অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত প্ৰস্তাৱ কৰে সৰ্বানন্দ সোনোৱালে।

উল্লেখযোগ্য যে, ২ মেত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল বিজেপি মিত্ৰজতে। কিন্তু তাৰ পিছতো সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলিছিল মুখ্যমন্ত্ৰী পদক লৈ তীব্ৰ প্ৰতিদ্বন্দিতা।