খানাপাৰাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ বিশাল নিযুক্তি সমাৰোহত নিযুক্তি পত্ৰ গ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল সদ্য নিযুক্তিপ্ৰাপ্ত এজন যুৱকৰ।
ছিপাঝাৰৰ বৰদৌলগুৰিত এখন ট্ৰাক আৰু বাইকৰ মাজত সংঘটিত সংঘৰ্ষত থিতাতে নিহত হয় ছিপাঝাৰৰ ককাইতোলাৰ নিৱাসী উজ্বল নাথ নামৰ ২৬ বৰ্ষীয় যুৱকজনৰ।
উল্লেখ্য যে, অসম চৰকাৰত তৃতীয় বৰ্গৰ চাকৰি লাভ কৰিছিল উজ্বলে শেহতীয়াকৈ।
বৃহস্পতিবাৰে খানাপাৰাত অনুষ্ঠিত হোৱা নিযুক্তি সমাৰোহত নিযুক্তি পত্ৰ লাভ কৰিছিল উজ্বলেও।
তাৰ পিছতে যুৱকজনে ঘৰলৈ ওভতাৰ সময়ত সংঘটিত হয় দুৰ্ঘটনাটো।
যুৱকজনৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ ছিপাঝাৰবাসীক।
