নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ! উত্তৰাখণ্ডত ৮ জনৰ মৃত্যু, আহত ২৭ জন

237

দেওবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ গংগননীৰ সমীপত এখন বাছ নিয়ন্ত্ৰণহীন হৈ দ খাৱৈত বাগৰি পৰাত ৮ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ২৭ জন আহত হয়।

আৰক্ষীৰ মতে, আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু চিকিৎসাধীন হৈ আছে।

এছ ডি আৰ এফৰ কমাণ্ডেণ্ট মণিকান্ত মিশ্ৰই এ এন আইক জনোৱা মতে, গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা গংগনানী বাছ দুৰ্ঘটনাত বাছখনৰ ৮ জন যাত্ৰী মৃত্যু হোৱাৰ লগতে ২৭ জন যাত্ৰী আহত হৈছে, ইয়াৰে ১০ জন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে।

আহত সকলোকে এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ লগতে কয়।

উদ্ধাৰকাৰী দলটোৰ অংশ কনিষ্টবল কুলদীপে এএনআইক জনোৱা মতে, ইউ কে ০৭ পিএ ৮৫৮৫ নম্বৰৰ বাছখন প্ৰায় ৫০ মিটাৰ গভীৰ খাৱৈত বাগৰি পৰে। বাছখনত থকা অধিকাংশই গুজৰাটৰ নিৱাসী আছিল বুলি জানিব পৰা গৈছে।

ইফালে মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে অতিৰিক্ত মুখ্য সচিব ৰাধা ৰাতুৰীক গংগোত্রি ঘাইপথৰ গংগনানীত সংঘটিত হোৱা বাছ দুর্ঘটনাত আহতসকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছে৷

উত্তৰকাশী জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী প্ৰেমচান্দ আগৰৱালাকো পৰিস্থিতি তদাৰক কৰিবলৈ কয় মুখ্যমন্ত্ৰীয়ে।