যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ এতিয়া চৌদিশে আতংক। বোমা-চাইৰেণৰ শব্দই কঁপাই গৈছে ৰাষ্ট্ৰখনৰ আকাশ-বতাহ। এনে পৰিস্থিতিত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় সকলক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে। ইতিমধ্যে অপাৰেশ্যন গংগাৰ জৰিয়তে ৰাজধানী কিয়েভৰ পৰা সকলো ভাৰতীয়ক নিৰাপদে উদ্ধাৰ কৰা হৈছে বুলি সদৰী কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে।
উল্লেখ্য যে, ইউক্ৰেইনত আৱদ্ধ হৈ থকা প্ৰায় ২০ হাজাৰ ভাৰতীয়ৰ ভিতৰত ৬০ শতাংশক ইতিমধ্যে ভাৰতলৈ উভতাই অনা হৈছে যদিও ৰাষ্ট্ৰখনত এতিয়াও আৱদ্ধ হৈ আছে অনেক ভাৰতীয়। লক্ষণীয়ভাৱে আৱদ্ধ সকলৰ অধিকাংশই শিক্ষাৰ্থী।
শেহতীয়াকৈ ইউক্ৰেইনত আৱদ্ধ এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ বিষয়ে পোহৰলৈ আহিছে, যিয়ে তেওঁৰ কুকুৰটো এৰি স্বদেশলৈ উভতি আহিবলৈ কোনোপধ্যেই ৰাজী নহয়। কেৰালাৰ ইডুক্কি জিলাৰ নিৱাসী ২০ বছৰীয়া আৰ্য এল্ড্ৰিনে ইতিমধ্যে তেওঁৰ চাইবেৰিয়ান হাস্কি প্ৰজাতিৰ কুকুৰটোৰ সৈতে ৰোমানিয়া সীমান্তত উপস্থিত হৈছে।
আৰ্য নামৰ ছাত্ৰীগৰাকীয়ে তেওঁৰ জাইৰা নামৰ মৰমৰ কুকুৰটো এৰি থৈ ভাৰতলৈ উভতিব বিচৰা নাই। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে চাইবেৰিয়ান হাস্কিক কোলাত লৈ থকা আৰ্যৰ ফটো। আনহাতে তেওঁ যাতে কুকুৰটো লৈ বিমানত উঠিব পাৰে, তাৰ বাবে এতিয়া ভাৰত চৰকাৰৰ অনুমতিলৈ অপেক্ষা কৰি আছে আৰ্যই।
ইডুক্কিত থকা আৰ্যৰ বন্ধু শ্যামা কৃষ্ণনে জানিবলৈ দিয়া মতে, আৰ্যই ইতিমধ্যে তেওঁৰ পিতৃ-মাতৃৰ সৈতে যোগাযোগ কৰি আছে আৰু যাৱতীয় সকলো নথি-পত্ৰ সংগ্ৰহ কৰিছে। তেওঁ কোনোপধ্যেই মৰমৰ কুকুৰটো এৰি থৈ আহিব বিচৰা নাই।
জানিব পৰা মতে, ইউক্ৰেইনত যুদ্ধৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সময়ৰ পৰাই আৰ্যই তেওঁৰ কুকুৰটোক লগত লৈ যোৱাৰ বাবে সকলো ধৰণৰ নথি-পত্ৰ সংগ্ৰহত ব্যস্ত হৈ পৰিছিল। আনহাতে শিক্ষাৰ্থীগৰাকীয়ে শেহতীয়াকৈ ইউক্ৰেইনৰ পোহনীয়া জীৱ-জন্তুৰ বাবে গঠিত সংস্থা সমূহৰ সৈতেও যোগাযোগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমান ৰোমানিয়া সীমান্তত ভাৰতলৈ উভতিবলৈ অপেক্ষাৰত আৰ্যই ভাৰত চৰকাৰৰ পৰাও সহায় বিচাৰিছে জাইৰাৰ বাবে।
