নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি এখন ৰে’লক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিছিল খুমটাইৰ তিনিজন লোকে

223

নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি এখন ৰে’লক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিছিল খুমটাইৰ তিনিজন লোকে । ভয়ঙ্কৰ ৰে’ল দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰি লোক তিনিজনে দিয়া সাহসিকতাৰ বাবে খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ত জনোৱা হয় সম্বৰ্ধনা ।

গোলাঘাট জিলাৰ খুমটাইৰ বগৰিয়নি গাঁৱত যোৱা ২৯ জুন তাৰিখে এক ভয়ঙ্কৰ ৰেল দুৰ্ঘটনাৰ পৰা সাহসিকতাৰে তিনিজন যুৱকে ৰক্ষা কৰাত ৰাজ্যজুৰি বিভিন্ন জনে যুৱক তিনিজনক আদৰণি জনোৱাৰ সময়তে খুমটাই ৰাজহ চক্ৰৰ কাৰ্যালয়ত চক্ৰ বিষয়া তনবীৰ ইউছুফ আহমেদে জনালে বিশেষ সম্বৰ্ধনা । ২৯ জুন তাৰিখে বগৰিয়নি গাঁৱৰ অতুল গগৈ, চুবু কুৰ্মী আৰু ৰাজেশ গৰাইটে ৰেল লাইনৰ চিৰি বিচিন্ন হৈ থকা প্ৰত্যক্ষ কৰে । নুমলীগড় শোধনাগাৰৰ পৰা এখন খাৰুৱা তেল পৰিবাহী ৰে’ল উক্ত ৰে’ল লাইনে অহাৰ উমান পাই তিনিজন লোকে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি ৰেল লাইনৰ কাষৰে এঘৰ গৃহস্থীৰ পৰা এখন ৰঙা ৰঙৰ চাদৰ উক্ত ভঙা অংশত আঁৰি তিনিজন লোকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰেলখন অহাৰ ফালে বিভিন্ন হাতেৰে ভঙ্গীমা দি আগুৱাই যায় । ৰেল চালকে যুৱক তিনিজনক প্ৰত্যক্ষ কৰাৰ লগতে ৰঙা কাপোৰ দেখি নাতি দূৰৈত ৰেলখন ৰখাই নামি অহাৰ লগে লগে তিনিজন লোকে সমগ্ৰ বিষয়টো অৱগত কৰে আৰু ভঙা অংশ ৰেল চালকক প্ৰত্যক্ষ কৰায় । লগে লগে ৰেল চালক গৰাকীয়ে সমগ্ৰ ঘটনাটো ৰেল বিভাগক অৱগত কৰাৰ লগতে উক্ত তিনিজন যুৱকক সাম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰেল খন ৰক্ষা কৰাৰ বাবে ধন্যবাদ জনায় । তাৎপৰ্য পূৰ্ণ বিষয় যে নুমলীগড় শোধনাগাৰৰ পৰা প্ৰায় ৫০ টা ৰে’লৰ ডবাত কেইবা লাখ লিটাৰ খাৰুৱা তেল পৰিবাহী ৰেলখন দুৰ্ঘটনাৰ পৰা বুদ্ধিমত্তাৰ আৰু সাহসিকতাৰে তিনিজন যুৱকে ৰক্ষা কৰা বিষয়টো ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। তিনিজন যুৱকে উক্ত ৰেল দুৰ্ঘটনাৰ পৰা ৰক্ষা নকৰা হ’লে বৃহত্তৰ খুমটাই অঞ্চলত এক বিভীষিকাময় পৰিস্থিতি সৃষ্টি হোৱাৰ উপৰিও নুমলীগড় শোধনাগাৰৰ কোটি কোটি টকা লোকচানৰ সন্মুখীন হ’লহেতেন । আনহাতে যুৱক তিনি জনে ভয়ংকৰ বিপদৰ পৰা অঞ্চলটোক ৰক্ষা কৰা বাবে সাহসী যুৱক চুবু ,অতুল,ৰাজেশক আজি খুমটাই প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনায় । বৰ্তমান লোক তিনিজন হৈ পৰিছে সকলোৰে বাবে আদৰ্শনীয় ৷