নিজৰ কিশোৰী কন্যাক বলাৎকাৰৰ অভিযোগত গ্ৰেপ্তাৰ পাষণ্ড পিতৃ

147

নিজৰ ১৬ বছৰীয়া কন্যাক বলাৎকাৰ কৰি গ্ৰেপ্তাৰ হ’ল পাষণ্ড পিতৃ। এই জঘন্য কাণ্ড সংঘটিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰিস্থিত বৰবাম চাহ বাগিচাত।

চাহ বাগিচাখনৰ ধৰাম কোঁৱৰ নামৰ এজন পাষণ্ড পিতৃয়ে নিজৰে কিশোৰী কন্যাক ধৰ্ষণৰ কৰাৰ অভিযোগত আৰক্ষায়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, যোৱা মাহত হোজাই জিলাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

প্ৰাপ্ত খবৰ অনুসৰি মুক্তাৰ হুছেইন আৰু আজিজুৰ ৰহমান নামৰ এই যুটিটোক জিলাখনৰ জুগিজান কান্ধুলিমাৰী অঞ্চলৰ পৰা আটক কৰা হৈছে।

ভুক্তভোগীৰ পৰিয়ালৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি POCSO আইনৰ প্ৰাসংগিক ধাৰা অনুসৰি গোচৰ তৰে।