নিজৰ আত্মীয় ভাতৃৰ হাতত বলাৎকাৰৰ বলি কিশোৰী, ৪ মাহৰ গৰ্ভৱতী

63

ডিজিটেল ডেস্কঃ হাথৰস কাণ্ডক লৈ সমগ্ৰ দেশ উত্তপ্ত হৈ থকাৰ সময়তে এইবাৰ গুজৰাটৰ নৱসৰীত একেলগে পোহৰলৈ আহিছে দুটাকৈ বলাৎকাৰৰ ঘটনা। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বলাৎকাৰৰ বলি হোৱা দুয়োগৰাকী নিৰ্যাতিতাই নাবালিকা। নৱসৰীৰ ডিএছপি বিএছ মোৰীয়ে সদৰী কৰা মতে, প্ৰথমটো ঘটনা সংঘটিত হৈছ এগৰাকী ১২ বছৰীয়া কিশোৰীৰ সৈতে। নিজৰ আত্মীয় ভাই-ককাইৰ দ্বাৰাই বলাৎকাৰৰ বলি হোৱা কিশোৰীগৰাকী গৰ্ভৱতী হোৱাৰ পিছতহে এই বলাৎকাৰৰ ঘটনা পোহৰলৈ আহে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ৫ মাহ পূৰ্বে ৩ জন আত্মীয় ভাতৃয়ে কিশোৰীগৰাকীক বলাৎকাৰ কৰিছিল। কিশোৰীগৰাকী পেটৰ বিষত ভুগাত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ যায়। তাতেই চিকিৎসকে কিশোৰীগৰাকী ৪ মাহৰ গৰ্ভৱতী বুলি জানিবলৈ দিয়ে। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ বলাৎকাৰৰ ঘটনা পোহৰলৈ আহে। আৰক্ষীৰ মতে, তিনিওজন অভিযুক্তই ১৮ বছৰৰ তলৰ।

আনহাতে নৱসৰীৰ দ্বিতীয়টো বলাৎকাৰৰ ঘটনা সংঘটিত হয় ৫ অক্টোবৰত। এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰে আত্মীয়ৰ বন্ধুৱে। তাৰ পিছত কিশোৰীগৰাকীৰ বলাৎকাৰৰ ভিডিঅ’ আৰু ফটো তুলি ছ’চিয়েল মিডিয়াত এৰি দিয়ে অভিযুক্তই। এই ঘটনাৰ পিছত কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তৰ সন্ধান কৰিছে যদিও এতিয়াও পলাতক হৈ থকা বুলি জানিবলৈ দিয়ে ডিএছপি বিএছ মোৰীয়ে।