ষ্টাফৰিপোৰ্টাৰ, ২ এপ্ৰিল : দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতত কৰ’না ভাইৰাছত বিভিন্নজন আক্ৰান্ত হোৱা বুলি বাতৰিত ইতিমধ্যে প্ৰকাশ পাইছে৷ লগতে এই জামাতত অসমৰ বিভিন্ন ঠাইৰ লোক উপস্থিত আছিল বুলিও প্ৰকাশ পাইছে। এই সন্দৰ্ভত এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰে৷ তেওঁ বিবৃতিত কয়, “নিজামুদ্দিনৰ জামাতত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ঘটনাৰ বাবে আজি সমগ্ৰ ভাৰত বহুত চিন্তিত। আমিও তবলিগী জামাতৰ মানুহ, আমিও জামাতক ভাল পাওঁ, কিন্ত যি ঘটনা হৈছে সেয়া অনাকাংক্ষিত আৰু দুৰ্ভাগ্যজনক। এই কৰ’না ভাইৰাছৰ সমস্যাক লৈ গোটেই পৃথিৱীৰ মানুহে যুঁজি আছে৷ যিসকল লোকে মৰ্কজৰ জামাতত চামিল হৈছিল তেওঁলোকে পোনে পোনে ঘৰলৈ নগৈ স্থানীয় যিকোনো চিকিৎসালয়ত প্ৰথমে স্বাস্থ্য পৰীক্ষা কৰক।”
তেওঁলোকৰ পৰিয়াল বা সামাজলৈ বিপদ নামিব পাৰে বুলিও ব্যক্ত কৰি সাংসদ আজমলে সকলোকে এই ক্ষেত্ৰত চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ বিবৃতিটোত কৰযোৰে আহ্বান জনাইছে৷ লগতে সজাগতা আৰু সচেতনতা বজাই ৰাখিবলৈ তেওঁ গোহাৰি জনায়৷