নিজকে দণ্ডাধীশ বুলি পৰিচয় দি আৰক্ষী থানাত প্ৰৱেশ কৰা ভুৱা দণ্ডাধীশক আটক

74

২০২০ৰ কোৰোনা কালত ভুৱা চিকিৎসকৰ বেশ ধৰি সাধাৰণ জনতাৰ পৰা ধন সংগ্ৰহৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰিছিল। এইবাৰ ভুৱা দণ্ডাধীশৰ বেশ লৈ আৰক্ষী চকীত কৰ্তব্যৰত আৰক্ষীকে ভাবুকি দিবলৈ গৈ জালত পৰিল বিশ্বজিত দত্ত নামৰ যুৱকজন।

উল্লেখ্য যে, যোৰহাটৰ চিনামৰা আৰক্ষী চকীত প্ৰৱেশ কৰি নিজকে দণ্ডাধীশ বুলি পৰিচয় দিছিল তিতাবৰৰ ঢেকিয়াজুলিৰ বিশ্বজিত দত্ত নামৰ যুৱকজনে। তাৰ পিছতে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাংশু গোঁহাইৰ ভুৱা দণ্ডাধীশৰ ওপৰত সন্দেহ ওপজাত যোৰহাট জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰে আৰু যুৱকজনক ভুৱা দণ্ডাধীশ বুলি নিশ্চিত কৰে।

ভুৱা দণ্ডাধীশ অৰ্ণিবান ওৰফে বিশ্বজিত দত্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। নিজকে দণ্ডাধীশ বুলি পৰিচয় দি বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল এই যুৱকজনে। উল্লেখ্য যে, এবছৰৰ পূৰ্বে নিজকে চিকিৎসক ৰূপে পৰিচয় দি দুই সহযোগীৰ সৈতে আৰক্ষীৰ জালত পৰি কাৰাবাস খাটিবলগীয়া হৈছিল বিশ্বজিত দত্তই।