নিচান মেগনাইটে পান-ইণ্ডিয়া বুকিং মুকলি কৰিছে

74

নিচান ইণ্ডিয়াই সকলো নতুন নিচান মেগনাইটৰ মূল্য ঘোষণা কৰিছে আৰু দেশৰ সকলো নিছান ডিলাৰশ্বিপ আৰু ইয়াৰ ৱেবছাইটত, www.nissan.in/magnite বুকিং মুকলি কৰিছে। সমৃদ্ধ অভিজ্ঞতা প্ৰদান কৰিবলৈ নিচানৰ নিৰন্তৰ উদ্ভাৱনৰ দৰ্শনৰ শাৰীত, এক্স-ট্ৰ’নিক চি ভি টি, ক্ৰুইজ কণ্ট্ৰ’ল, 360 ডিগ্ৰী এৰাউণ্ড ভিউ মনিটৰ আৰু নিচান কানেক্টকে ধৰি মডেল ৰেঞ্জত নিচানৰ প্ৰখ্যাত প্ৰযুক্তি প্ৰদান কৰা হয়। টেক ছেভি ভাৰতীয় গ্ৰাহকৰ বাবে, নিচানৰ অপশ্বনেল ‘টেক পেক’ত ৱায়াৰলেচ চাৰ্জাৰ, এয়াৰ পিউৰিফায়াৰ, এমবিয়েণ্ট মুড লাইট, প’ল্ডলে লেম্পছ আৰু হাই-এণ্ড স্পীকাৰ অন্তৰ্ভুক্ত থাকে। ডাঙৰ, কঠিন, সুন্দৰ আৰু ‘কৰিছমেটিক’ এছ ইউ ভি 31 ডিচেম্বৰ, 2020 লৈকে 4,99,000 টকাৰ এক বিশেষ আৰম্ভনি মূল্যত উপলব্ধ।

নিচান মটৰ ইণ্ডিয়াৰ সভাপতি ছিনান ওজককে কয় “‘মেক ইন ইণ্ডিয়া, মেক ফৰ ৱৰ্ল্ড’ৰ দৰ্শনৰ ওপৰত নিৰ্মিত, সকলো-নতুন নিচান মেগনাইটে 20 টাতকৈ অধিক প্ৰথম শ্ৰেণী আৰু সৰ্বশ্ৰেষ্ঠ খণ্ডৰ বিশেষত্ব লৈ আহিছে যিয়ে গ্ৰাহকসকলক এক পৃথক, অভিনৱ আৰু অভিগম মালিকীস্বত্বৰ অভিজ্ঞতা প্ৰদান কৰে।” নিচান মটৰ ইণ্ডিয়াৰ পৰিচালন নিৰ্দেশক ৰাকেশ শ্ৰীবাস্তৱে কয়, “আমি বিশ্বাস কৰোঁ যে সকলো নতুন নিচান মেগনাইট এক বিপৰ্যয়কাৰী গেম চেঞ্জাৰ হ’ব যিয়ে প্ৰযুক্তি আৰু আকাংক্ষাত উচ্চ।”