নিউ বঙাইগাঁও জংচনত ২৫ কেজি গাঞ্জা জব্দ, দুজনক আটক

85

নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ কামৰূপ এক্সপ্ৰেছৰ পৰা ৰে’ল সুৰক্ষা বাহিনীৰ চিআইডি দলে ২০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ পিছত শনিবাৰে নিশা চৰকাৰী ৰে’ল আৰক্ষীয়ে আন ২৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

সংবাদ মাধ্যমৰ সৈতে কথা পাতি নিউ বঙাইগাঁও জিআৰপিয়ে কয় যে তেওঁলোকে গাঞ্জাৰ লেনদেনৰ বিষয়ে তথ্য পাইছিল। “আমাৰ দলটোৱে বাংগালোৰৰ পৰা আগৰতলালৈ হামচফৰ এক্সপ্ৰেছত তালাচী চলাই আৰু মুঠ ২৫ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত অজয় ৰায় আৰু আব্দুল মাজিদ নামৰ দুজন লোকক আটক কৰা হৈছে।