নিউজ প’ৰ্টেল ‘নিউজ ক্লিক’ৰ ৩০টা স্থানত দিল্লী আৰক্ষীৰ অভিযান, চীনৰ পৰা ধন লৈ এজেণ্ডা চলোৱাৰ অভিযোগ

104

মঙলবাৰে (৩ অক্টোবৰ) পুৱা দিল্লী আৰক্ষীৰ বিশেষ কোষে দিল্লীৰ ব্যক্তিগত নিউজ ৱেব পৰ্টেল নিউজ ক্লিকৰ ৩০টা স্থানত অভিযান চলায়। এই অভিযান এতিয়াও চলি আছে। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বিশেষ কোষে নিউজ ক্লিকৰ পুঁজিৰ তদন্ত চলাই আছে। এই ৱেব পৰ্টেলটোৱে চীনৰ পৰা ধন লৈ নিজৰ এজেণ্ডা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, ব্যক্তিগত ৱেব পৰ্টেলটোৱে চীনৰ নাগৰিক নেভিল ৰয় সিংহামৰ পৰা ৩৮ কোটি টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ধন লৈ তেওঁ ভাৰতত বাতৰিৰ জৰিয়তে চীনৰ অপপ্ৰচাৰ চলাব বিচাৰে। তেওঁলোকৰ সৈতে জড়িত স্থানসমূহত অভিযান চলোৱাৰ সময়ত দিল্লী আৰক্ষীৰ বিশেষ কোষে বহু ইলেক্ট্ৰনিক প্ৰমাণ, লেপটপ, মোবাইল ফোন জব্দ কৰাৰ লগতে হাৰ্ড ডিস্কৰ পৰাও তথ্য গ্ৰহণ কৰে।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি এই নিউজ পৰ্টেলত কাম কৰা সাংবাদিকসকলৰ বিৰুদ্ধে ইউএপিএৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। মঙলবাৰে বিয়লিৰ ভিতৰত আৰক্ষীয়ে সংবাদমেল অনুষ্ঠিত কৰি এই কাৰ্য সন্দৰ্ভত চৰকাৰী তথ্য ভাগ-বতৰা কৰিব।

নিউজক্লিকৰ সৈতে জড়িত বিভিন্ন চৌহদত দিল্লী আৰক্ষীৰ অভিযান সন্দৰ্ভত বিজেপি নেতা দুষ্যন্ত কুমাৰ গৌতমে কয়, ‘নিউজক্লিক আৰু এনে যিকোনো প্ৰতিষ্ঠানৰ বিৰুদ্ধেও একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব যিয়ে ৰাষ্ট্ৰীয় বিৰোধী কাম কৰে। চীনে আমাৰ দেশখনক আগবাঢ়ি যোৱা দেখি ভাল নাপায়, সেয়েহে বহু ৰাষ্ট্ৰীয় বিৰোধী সংস্থা ব্যৱহাৰ কৰি দেশখনক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে যদিও দেশখনে ইয়াক সহ্য কৰাৰ কোনো মুডত নাই। এনে প্ৰতিষ্ঠান থেতেলিয়াই পেলোৱা হ’ব’।

নিউজ ক্লিকৰ স্থানত অভিযান সন্দৰ্ভত কংগ্ৰেছে কয়, ‘প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া ভয় খাইছে, নাৰ্ভাছ হৈছে। বিশেষকৈ তেওঁৰ ব্যৰ্থতা, তেওঁৰ ব্যৰ্থতাৰ ওপৰত প্ৰশ্ন কৰা সেইসকল লোকৰ পৰা এতিয়া ভীতিগ্ৰস্ত হৈছে মোদী। বিৰোধী নেতা হওক বা সাংবাদিক হওক, সঁচা কথা কোৱা সকলক হাৰাশাস্তি কৰা হব। আজি পুনৰ সাংবাদিকৰ ওপৰত চলোৱা অভিযান ইয়াৰ প্ৰমাণ।’’