নাৰী বিদ্বেষী মন্তব্য কৰি বিপদত স্বয়ম্ভূ আচাৰ্য পংকজ পাঠক

198

ৰাজ্যৰ প্ৰতিখন জিলাতেই স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সাজু ৰাইজৰ দল।

নাৰীক লৈ কৰা অপমানজনক মন্তব্য আৰু সাংবাদিকক কৰা অপমানৰ বিৰুদ্ধে পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব ৰাইজৰ দলে।

ইতিমধ্যে দিছপুৰ থানাত স্বয়ম্ভূ আয়ুৰ্বেদিক চিকিৎসক জনৰ বিৰুদ্ধে ৰাইজৰ দলে দাখিল কৰিছে এজাহাৰ।

সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰুৱাই।

উল্লেখ্য যে, পংকজ পাঠকে নিজৰ ব্যৱসায়ৰ প্ৰচাৰ চলাবলৈ গৈ নাৰী বিদ্বেষী মন্তব্য কৰিছিল।

চুটি কাপোৰ পিন্ধি ৰীল পিন্ধা মহিলাৰ স্বামীক বান্দৰ কেঁকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিছিল পংকজ পাঠকে।

ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বিভিন্ন নাৰী সংগঠনে ইতিমধ্যে স্বয়ম্ভূ আচাৰ্যজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।