লিংগ সলনি কৰাৰ দুৰ্বাৰ বাসনা পূৰণ কৰিবলৈ অসমৰ্থ হৈ মহানগৰীত মৃত্যুৰ পথ বাছি ললে এজন ২৫ বছৰীয়া যুৱকে। মহানগৰীৰ নাৰেংগীত ভাড়াতিয়া হিচাপে থাকি এটা ব্যক্তিগত কোম্পানীত কাম কৰা যোৰহাটৰ কমাৰবস্তিৰ আশ্ৰাফুল হকে নাৰীৰ দৰেই আচৰণ কৰিছিল, সাজ-পোছাক পিন্ধিছিল। আনকি তেওঁ কাম কৰা ব্যক্তিগত কোম্পানীটোত নিজেকে জাবিন হিচাপে পৰিচয় দিছিল।
পুৰুষৰ ভুল শৰীৰটো লিংগ পৰিবৰ্তনৰ জৰিয়তে নাৰীলৈ ৰূপান্তৰ কৰাৰ চিন্তা কৰিছিল আশ্রফুলে। তাৰ বাবে পৰিয়ালেও যুৱকজনক জনাইছিল সমৰ্থন। কিন্তু লিংগ সলনি কৰা অস্ত্ৰোপচাৰৰ ব্যয় আছিল কমেও ৮০ লাখ টকা। আৰু সেই ধন যোগাৰ কৰিব নোৱাৰাৰ দুখতে অৱশেষত মৃত্যুৰ পথ বাছি লয় ২৫ বছৰীয়া যুৱকজনে।
ইফালে, ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে।
