নাৰায়ণপুৰত দেউৰী স্বায়ত্ত্ব পৰিষদৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

153

নাৰায়ণপুৰত দেউৰী স্বায়ত্ত্ব পৰিষদৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।
নাৰায়ণপুৰত দেউৰী স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ নেতা কৰ্মী সকল । দেউৰীজনগোষ্ঠী অধ্যুষিত অঞ্চল সমূহত নানান ৰঙিন বেনাৰ-পোষ্টাৰ সমূহে ভৰি পৰিছে । অহা ৬ নবেম্বৰলৈকে চলিব লগা প্ৰচাৰ অভিযানত বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰ কাষ চপাৰ পৰিলক্ষিত হৈছে প্ৰাৰ্থী সকল । ১৮ নং পিছলা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী পুস্পাঞ্জলী দেউৰীয়ে ব্যাপক জনসমৰ্থক লৈ নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত । প্ৰাৰ্থী গৰাকীয়ে বিজেপি প্ৰাৰ্থী গৰাকীতকৈ বহু জনসমৰ্থন পাবলৈ সক্ষম হৈছে । পুস্পাঞ্জলীয়ে শতাধিক সমৰ্থকক লৈ ভোটাৰ কাষ চাপিবলৈ সক্ষম হৈছে ।
অন্য হাতে আজি বিজেপি প্ৰাৰ্থী জুৰি মণি দেউৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা কঠাজানত হোৱা সভাত দেউৰী জনগোষ্ঠীৰ মানুহতকৈ অনাদেউৰী মানুহৰ সংখ্যাহে বেছি দেখা গ’ল পিযুষ হাজৰিকাৰ প্ৰচাৰ সভাত ।