নাৰায়ণপুৰত আইটিএছএছএৰ বহুভাষিক অভিধান কৰ্মশালা

79

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ অতিথি শালাত দেউৰী সাহিত্য সভাৰ উদ্যোগত দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য সভা, অসম চমুকৈ আইটিএছএছএৰ বহুভাষিক অভিধান কৰ্মশালাখনি।

দেওবাৰে আইটিএছএছএৰ প্রথম দিনৰ কৰ্মশালাৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে আইটিএছএছএৰ সভাপতি তথা মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইডে। কৰ্মশালাখনৰ শুভাৰম্ভ কৰি টাইডে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য সভাৰ গুৰুত্ব আৰু উদ্দেশ্য সন্দৰ্ভত ভাষণ আগবঢ়ায়।