নাৰায়ণপুৰৰ বিভিন্ন অঞ্চলত প্ৰৱল ধুমুহাৰ তাণ্ডব

98

নাৰায়ণপুৰৰ বিভিন্ন অঞ্চলত প্ৰৱল বতাহ ধুমুহাৰ তাণ্ডব। যোৱানিশা প্ৰায় ৮ মান বজাত অহা তীব্ৰ বতাহ আৰু বৰষুণৰ ফলত কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতি সাধন হয়। বিজুলীৰ গতিৰে অহা ধুমুহা বৰষুণৰ ফলত ভোলাবৰি, মধুৰ, বৰনাহৰনি, পুলিনাহৰনি, জুতুলিবাৰীকে আদি কৰি আন আন প্ৰান্তত দুখলগা পৰিৱেশৰ সৃষ্টি কৰে। প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত কৰি তুলিছে।

ধুমুহাৰ গতি ইমানেই তীব্ৰ আছিল যে নিমিষতে এই অঞ্চল সমূহৰ ঘৰ-দুৱাৰ ভাঙি চিঙি চুৰমাৰ কৰে। ধন- ধান, খাদ্য শস্য, পশুধন আদিৰ বিস্তৰ ক্ষতি সাধন হয়।

প্ৰচণ্ড ধুমুহাৰ ফলত কোনোমতে প্ৰাণ বচোৱা ৰাইজে অনাহাৰ, অনিদ্ৰাৰে মুকলি আকাশৰ তলত ৰাতি কটাব লগীয়া হয়। উল্লেখযোগ্য যে সৌ সিদিনা ব’হাগ বিহুৰ উৰুকাৰ পুৱাও এই অঞ্চল সমূহত শিলাবৃষ্টিয়ে তাণ্ডৱৰ সৃষ্টি কৰিছিল। এসপ্তাহত দুবাৰকৈ অহা প্ৰকৃতিৰ ভয়াবহ তাণ্ডৱৰ ফলত এতিয়া সাধাৰণ ৰাইজ দিশহাৰা হৈ পৰিছে। কেনেকৈ খাব, কেনেকৈ নিজৰ উৰুখা পঁজাটি পুনৰ নিৰ্মাণ কৰিব তাক লৈ চিন্তাত পৰিছে ৰাইজ।