নাহৰলগুণত ৯ কোটি টকাৰ জালি চেকসহ আটক ৮ জন…

128

অৰুণাচলৰ ইটানগৰৰ ৰাজধানী আৰক্ষীয়ে শুকুৰবাৰে ৯ কোটি টকাৰ চেক জালিয়াতিৰ গোচৰত আঠজন লোকক আটক কৰে।

এছ ডি পি অ’ নাহৰলাগুনৰ ব্রিফিঙৰ মতে, এন ডি এম চিৰ পৰা জাৰি কৰা ৯,৭৮,৪৫,৮৬৮ টকাৰ চেক ধন এজন তর্হ তাজুকৰ মালিকানাধীন স্থানীয় ফার্মৰ সপক্ষে ক্লিয়াৰেন্সৰ বাবে এছ বি আই জি সম্প্ৰসাৰণ শাখালৈ অনা হয়৷

ভেৰিফিকেচনত ভুৱা চেক বুলি ধৰা পৰাত নাহৰলগুন আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰে বেংক কৰ্তৃপক্ষই।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নাহৰলগুনৰ এছডিপিঅ’ ডেকিঅ’ গুমজাই কয় যে, “২৩ মাৰ্চত এছবিআইৰ মুখ্য পৰিচালকৰ পৰা নতুন দিল্লী পৌৰ নিগমৰ পৰা জাৰি কৰা চেক ক্লিয়াৰেন্সৰ বাবে এজন ব্যক্তি অহা বুলি দাবী কৰি লিখিত এফআইআৰ লাভ কৰা হৈছিল।”

কিন্তু এছ বি আই, দিল্লী শাখাৰ সৈতে ক্ৰছ ভেৰিফিকেচনত দেখা গ’ল যে উক্ত চেকখন ভুৱা চেক হোৱাৰ ফলত গোচৰটো পঞ্জীয়ন হয়।