নাহৰকটীয়াৰ চাচনীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৪ আঁচনিৰ শুভৰাম্ভ

66

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত অংশ লৈ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাহৰকটীয়াৰ চাচনীৰ মেৰবিল চাচনী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত দলীয় সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰাৰ পিছতেই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাচনীবাসী ৰাইজৰ বাবে বহু প্ৰত্যাশিত চাচনীৰ টিকিৰাবালি ঘাটত এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে।

চাচনীৰ বেলবাৰী আৰু টিকিৰাবালি ঘাটত এখন ২৭ কোটি টকাৰ ব্যয় সাপেক্ষে ১৮ মাহৰ ভিতৰত বুঢ়ী দিহিং নৈৰ ওপৰত পকী দলং নিৰ্মাণ কৰাৰ লগতে চাচনীৰ ৭ কিলোমিটাৰ মূল পথ ৯ কোটি টকা, খাটোৱাৰ পৰা ১ নং বৰবাম গাঁৱলৈ ৩.৬২ কোটি টকা আৰু নাহৰকটীয়া নগৰৰ পৰা হাটীগড়লৈ ২.১৪ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। কেইবা সহস্ৰাধিক লোকৰ উপস্থিত থকা সভাত বিজেপি নেতা প্ৰদীপ বুঢ়াগোহাঁই, যুৱ নেতা তৰংগ গগৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰঞ্জিত বৰুৱা, অসম পেট্ৰ কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা উপস্থিত থাকে। সভাত চাচনীবাসী ৰাইজে হাঁহ-কুকুৰা, কোমোৰা বৰা চাউল জহা চাউল মন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰি মৰম যাচে। নামৰূপ গান্ধী মৈদানত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি থকাৰ সময়তে নামৰূপ আছুৱে সোণাৰি তিনিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। আছুৱে ক’লা পতাকা, কলা বেলুন উৰুৱাই বিজেপি গ-বেক, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।