নাম সলনি কৰাটো প্ৰতিজন নাগৰিকৰ সাংবিধানিক অধিকাৰঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

70

ডিজিটেল ডেস্কঃ নিজৰ নাম ৰখা বা সলনি কৰাৰ সিদ্ধান্ত লোৱাৰ স্বাধীনতা সকলোৰে আছে। কাৰণ নাম সলনি কৰাটো প্ৰতিজন ব্যক্তিৰ সাংবিধানিক অধিকাৰ। এজন ব্যক্তিৰ নাম সলনিৰ সৈতে জড়িত এটা গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে এই ৰায় দিয়ে। আইনগতভাৱে নাম সলনি কৰাৰ পিছত এজন ব্যক্তিয়ে নিজৰ স্কুলৰ প্ৰমাণ পত্ৰতো নতুন নাম লিখিবলৈ আবেদন কৰিছিল। কিন্তু এই আবেদন নাকচ কৰে উত্তৰ প্ৰদেশৰ শিক্ষা বিভাগে। তাৰ পিছতে ব্যক্তিজন আদালতৰ কাষ চাপে।

জানিব পৰা মতে মহম্মদ সমীৰ ৰাও নামৰ এজন ব্যক্তিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। আগতে তেওঁৰ নাম আছিল শ্বাহনৱাজ। কিন্তু ২০২০ চনৰ অক্টোবৰ মাহত তেওঁ নিজৰ নাম সলনি কৰে। তাৰ পিছত ব’ৰ্ডৰ পৰীক্ষাৰ প্ৰমাণ পত্ৰত নাম সলনি কৰিবলৈ ৰাজ্যিক মাধ্যমিক শিক্ষা বিভাগত আবেদন জনায়। কাৰণ ২০১৩ আৰু ২০১৫ চনত ব’ৰ্ড পৰীক্ষাত উত্তীৰ্ণ হৈছিল। সেই সময়ত চাৰ্টিফিকেটত তেওঁৰ নাম আছিল শ্বাহনৱাজ।

কিন্তু সমীৰৰ আবেদন নাকচ কৰে উত্তৰ প্ৰদেশৰ মাধ্যমিক শিক্ষা ব’ৰ্ডে। ব’ৰ্ডৰ দাবী, পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ তিনি বছৰৰ ভিতৰত প্ৰমাণ পত্ৰত নাম সলনি কৰিব পাৰিব। এই ক্ষেত্ৰত সমীৰে উত্তীৰ্ণ হোৱাৰ সাত বছৰতকৈও অধিক সময়ৰ পিছত আবেদন কৰিছে। সেইবাবেই তেওঁৰ আবেদন গ্ৰহণ কৰিব নোৱাৰি। কিন্তু ৰাজ্যৰ শিক্ষা বিভাগৰ এই মতামত নাকচ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে।

আদালতৰ মতে, সংবিধানত উল্লেখ কৰা অনুসৰি নাম সলনিৰ বিষয়টো নাগৰিকৰ মৌলিক অধিকাৰৰ ভিতৰত পৰে। নিজৰ নাম বাছি লোৱাৰ অধিকাৰ প্ৰত্যেকৰে আছে। শিক্ষা বিভাগে বলপূৰ্বকভাৱে নাকচ কৰিলে সমীৰৰ আবেদন। ফলত কাৰ্যালয়টোৱে বাক স্বাধীনতা, সম্পত্তিৰ অধিকাৰ আদি কেইবাটাও নিয়ম ভংগ কৰিলে। সমীৰৰ আবেদন গ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়েও প্ৰমাণ পত্ৰত তেওঁৰ নাম সলনি কৰিবলৈ নিৰ্দেশ দিয়ে।