অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰকাৰখানা নামৰূপৰ “ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰপৰেশ্বন লিমিটেড” সম্প্ৰতি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বন্ধ কৰা পৰিকল্পনা কৰিছে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ চিন্তা পৰিহাৰ কৰি অনতিবিলম্বে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ উৎপাদন গোট নিৰ্মাণৰ দাবী উত্থাপন কৰিছে। বুধবাৰে সংগঠনটোৱে দিল্লীৰ যন্তৰ মন্তৰত নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট অনতিবিলম্বে স্থাপন কৰা, ২০১৫ ত নৰেন্দ্ৰ মোদী চৰকাৰে নামৰূপ সাৰকাৰখানাৰ বাবে ঘোষণা কৰা ৪৫০০ কোটি টকা অতিশীঘ্ৰে মোকলাই দিয়া আৰু নামৰূপ সাৰকাৰখানা সন্দৰ্ভত নিটি আয়োগৰ সকলো পৰামৰ্শ বাতিল কৰাৰ দাবীত তিনিঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে। তেওঁলোকে জাৰি কৰা এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহায়ে কয় যে নামৰূপ সাৰকাৰখানাই ১৯৬৭ চনৰ পৰা উচিত মূল্যত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষক ৰাইজৰ ৰাসায়নিক সাৰৰ চাহিদা পূৰণ কৰি অহাৰ লগতে কাৰখানাটোৱে চুবুৰীয়া নেপাল, ভূটান আদি দেশত ৰাসায়নিক সাৰৰ ৰপ্তানি কৰি এটা লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। নামৰূপ সাৰকাৰখানা স্থাপন হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে মুঠ তিনিটা উৎপাদন গোট নিৰ্মাণ কৰা হৈছে আৰু বৰ্ত্তমানেও তৃতীয় উৎপাদন গোটটো কাৰ্য্যক্ষম হৈ আছে। ইয়াৰ পিছতো নামৰূপ সাৰ কাৰখানাৰ একাংশ বহিৰাগত শীৰ্ষ বিষয়া আৰু চৰকাৰৰ ষড়যন্ত্ৰত সাৰ কাৰখানাটো বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মৰ্মে সাৰ কাৰখানাৰ একাংশ বহিৰাগত শীৰ্ষ বিষয়াই সাৰ কাৰখানাটো বন্ধ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কাৰণ ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানাটো বন্ধ হলে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাসায়নিক সাৰৰ বজাৰ খন ব্যক্তিগত পুঁজিপতি কোম্পেনী সমূহে দখল কৰিব। তাৎপৰ্যপূৰ্ণ বিষয় যে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ উৎপাদন গোট নিৰ্মাণৰ বাবে ইতিমধ্যে অসমৰ ৰাইজ, বিভিন্ন দল-সংগঠনে বহু পূৰ্বৰ পৰা দাবী জনাই আহিছে। কেন্দ্ৰত নৰেন্দ্ৰ মোডীয়ে চৰকাৰ গঠন কৰাৰ পিছতেই চৰকাৰৰ প্ৰথম ১০০ দিনীয়া কৰ্মসূচীত নামৰূপ সাৰকাৰখানাটোক অন্তৰ্ভুক্ত কৰিছিল আৰু মোডী চৰকাৰে চতুৰ্থ উৎপাদন গোট নিৰ্মাণৰ বাবে ৪৫০০ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে ব্যক্তিগত খণ্ডৰ সাৰ কোম্পানীৰ স্বাৰ্থত নৰেন্দ্ৰ মোডী চৰকাৰে নামৰূপৰ সাৰকাৰখানা বন্ধ কৰাৰ বাবে সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে। তেনেদৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সংস্থা নিটি আয়োগেও সাৰকাৰখানাটো বন্ধ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। ইফালে নামৰূপ সাৰকাৰখানাৰ দ্বিতীয় উৎপাদন গোট মাত্ৰ ৪০ৰ পৰা ৫০ কোটি টকাৰ বাবে সম্প্ৰতি উৎপাদনক্ষম হৈ নুঠিল। দ্বিতীয় উৎপাদন গোটটো আওপুৰণি হোৱাৰ বাবে বন্ধ কৰিব লগা হৈছে। বিভিন্ন উৎসৱ অনুষ্ঠান আয়োজন কৰি শ শ কোটি টকা খৰছ কৰিব পৰা চৰকাৰখনে এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান পুনঃউজ্জীৱীত কৰাৰ বাবে মাত্ৰ ৫০ কোটি খৰছ কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক বিষয়। পৰিষদৰ নেতাদ্বয়ে কয় যে নামৰূপৰ সাৰ কাৰখানাৰ বন্ধ কৰাৰ সিদ্ধান্ত কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে মানি নলয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পূৰ্বতেও সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি পুনৰ দিল্লীৰ যন্তৰ মন্তৰত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ উৎপাদন গোট অনতিবিলম্বে নিৰ্মাণ কৰা, নৰেন্দ্ৰ মোডীৰ চৰকাৰে নামৰূপ সাৰকাৰখানা বাবে পূৰ্ব ঘোষণা কৰা ৪৫০০ কোটি টকা অনতিবিলম্বে মোকলাই দিয়া আৰু নামৰূপ সাৰকাৰখানা সন্দৰ্ভত নিটি আয়োগৰ সকলো পৰামৰ্শ বাতিল কৰাৰ দাবীত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰি কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী ড০ মনসুখ মনদ্যভাক এখনি স্মাৰক পত্ৰ প্ৰদান কৰিছে।