নামঘৰৰ মজিয়াতে শেষ নিশ্বাস ত্যাগ এগৰাকী ব্যক্তিৰ, গোটেই দিনটো ব্যস্ত আছিল ভাগৱত শোভাযাত্ৰাত

72

ছিপাঝাৰাৰ দক্ষিণ চুবুৰীৰ এটা নামঘৰত চলি থকা ভাগৱত পাঠ অনুষ্ঠানৰ মাজতে নামঘৰৰ মজিয়াত আকস্মিকভাৱে ঢলি পৰি শেষ নিশ্বাস ত্যাগ কৰে নগেন হাজৰিকা নামৰ এজন ৬৩ বৰ্ষীয় ব্যক্তিয়ে।

দিনটো ভাগৱত শোভাযাত্ৰাত গুৰু দায়িত্ব পালন কৰাৰ পিছত নামঘৰত সেৱা লৈ উঠাৰ সময়তে হঠাৎ সংজ্ঞানহীন হৈ বাগৰি পৰে ব্যক্তিজন। লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা বিজেপিৰ সক্ৰিয় কৰ্মী নগেন হাজৰিকাৰ আকস্মিক মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। অঞ্চলটোৰ বিভিন্ন সাংস্কৃতিক-সামাজিক ক্ষেত্ৰৰ সৈতেও ওতোঃপ্ৰতঃভাৱে জড়িত হাজৰিকাৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে তেওঁৰ বাসগৃহত উপস্থিত হৈ স্থানীয় বিধায়ক পৰামনন্দ ৰাজবংশীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।