নাছিকত ৰাজপথত জ্বলি উঠিল যাত্ৰীবাহী বাছ, কমেও ১২ জনৰ মৃত্যু, আহত ৩০ জন

242

মহাৰাষ্ট্ৰৰ নাছিকত আজি পুৱাৰ ভাগত এখন বাছত অগ্নিকাণ্ডৰ ফলত এজন শিশুসহ কমেও ১২ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে ৩০ জন লোক।

নাছিক-ঔৰাংগাবাদ ঘাইপথত ডিজেল পৰিবহণ কৰা ট্ৰেইলাৰ ট্ৰাকত খুন্দা মৰাৰ পিছত বাছখনত জুই লাগে বুলিও তেওঁলোকে লগতে জনায়।

নাছিকৰ উপ আৰক্ষী আয়ুক্ত আমোল তাম্বেই কয় যে, “নিহত হোৱাসকলৰ অধিকাংশই আছিল বাছখনৰ যাত্ৰী – এটা স্লিপাৰ কোচ। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।”

তেওঁ কয় যে গোচৰ ৰুজু কৰা হৈছে আৰু অগ্নিকাণ্ডৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত অব্যাহত আছে।

ভিডিঅ’সমূহত দেখা গৈছে যে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জুইৰ শিখা নুমুৱাবলৈ চেষ্টা কৰাৰ সময়তে বাছখনক আগুৰি ধৰিছে এটা বিশাল জুইৰ বল।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পুৱা প্ৰায় ৫.১৫ বজাত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু এম্বুলেন্সক ফোন কৰে।

অগ্নিকাণ্ড ইমানেই তীব্ৰ হোৱাৰ বাবে যাত্ৰীসকলক বচাবলৈ একো কৰিব নোৱাৰিলে বুলিও তেওঁলোকে জানিবলৈ দিয়ে।

দুৰ্ঘটনাত এজন সদস্য হেৰুৱাই পেলোৱা পৰিয়াল সমূহৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ লাখকৈ ₹ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। আহতসকলক দিয়া হ’ব ₹ ৫০,০০০ টকা।

মুখ্যমন্ত্ৰী একনাথ শিণ্ডে দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৫ লাখকৈ ₹কৈ ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে।

আহতসকলৰ চিকিৎসা ব্যয় মহাৰাষ্ট্ৰ চৰকাৰে বহন কৰিব বুলি মন্তব্য কৰে ৰাজ্যিক মন্ত্ৰী দাদা ভুছে।

আহত একাংশ লোকৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি বিষয়াসকলে জনায়।