নাচিক-পুনে ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত ৫ মহিলাৰ মৃত্যু…

88

মঙলবাৰে মহাৰাষ্ট্ৰৰ পুনে জিলাত নাচিক-পুনে ঘাইপথ অতিক্ৰম কৰি থকা অৱস্থাত এখন তীব্ৰবেগী এছ ইউ ভি গাড়ীয়ে তেওঁলোকক খুন্দা মৰাৰ ফলত পাঁচগৰাকী মহিলা নিহত হোৱাৰ লগতে তিনিগৰাকী মহিলা আহত হয়।

পুনে চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ শিৰোলি গাঁৱৰ সমীপত নিশা প্ৰায় ১০.৪৫ বজাত ১৭ জনীয়া মহিলাৰ এটা দলে ঘাইপথ পাৰ হৈ কেটাৰিং কামৰ বাবে এটা বিবাহ হলত উপস্থিত হোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

“পুনে-নাছিক ঘাইপথৰ কাষত অৱস্থিত এটা মেৰেজ হলত কেটাৰিং কামৰ বাবে পুনে চহৰৰ পৰা আহিছিল এই মহিলাসকল। ঘাইপথ পাৰ হৈ যোৱাৰ সময়তে এখন এছ ইউ ভি দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ পিছত এছ ইউ ভি চালকজনে দ্ৰুতগতিত পলায়ন কৰে।” খেড থানাৰ এজন আৰক্ষী বিষয়াই এইদৰে কয়।

আনহাতে দুগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন তিনিগৰাকীয়ে চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে তিনিগৰাকী মহিলা চিকিৎসালয়ত ভৰ্তি হৈ আছে।

এজন অচিনাক্ত এছ ইউ ভি চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে।