নাওবৈচাৰ ৰামপুৰ গুৰুনিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে

168

নাওবৈচাৰ ৰামপুৰ গুৰুনিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

গুৰুনি বজাৰত থকা তেল ডিপোৰ কৰ্মচাৰী থকা ঘৰত অগ্নিকাণ্ডৰ ঘটনাটো হোৱা বুলি জানিব পৰা গৈছে।

চিলিণ্ডৰ বিস্ফোৰণ হৈ এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি সন্দেহ কৰিছে ৰাইজে।

কাষতে পেট্ৰল ডিপো থকাত বেচি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

জুইত সম্পুৰ্ণ ঘৰটো জাহ যায়
ক্ষয়ক্ষতিৰ পৰিমান বৰ্তমান সময়লৈ জানিব পৰা নাই।

সৌভাগ্য ক্ৰমে এই জুইত কোনো লোক হতাহত হোৱা নাই।