নাওবৈচাৰ তিনিখনকৈ চাহ বাগানত বিজেপিৰ বিজয় উৎসৱ পালন

254

নাওবৈচাৰ তিনিখনকৈ চাহ বাগানত বিজেপিৰ বিজয় উৎসৱ পালন । হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ অংশ গ্ৰহণৰে ঝুমুৰ নৃত্যৰ লগতে বাহিৰ কৰে শোভাযাত্ৰা।আদিবাসী বিশিষ্টা মহিলা দ্ৰৌপদী মুৰ্মুক এনডিএ তৰফৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে পদক্ষেপ কৰি জয়ী কৰোৱাৰ আনন্দত নাওবৈচাৰ তিনিখনকৈ চাহ বাগিচাত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় উৎসৱ পালন কৰে। ডিজু, চিলনীবাৰী আৰু দলহাট চাহ বাগিচাৰ চাহ শ্ৰমিক সকলৰ অংশগ্ৰহনেৰে দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতিৰূপে আদৰণি জনোৱাৰ লগতে পিছপৰা আদিবাসী জনগোষ্ঠীৰ মহিলাগৰাকীক দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত কৰোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।