নাইজেৰিয়াত হিংসাত্মক ঘটনাত নিহত ১৬জন লোক। উত্তৰ-মধ্য মালভূমিৰ মুচুগাঁৱত সংঘটিত হৈছে এই ঘটনা। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ঘটনাৰ প্ৰকৃত কাৰণ। ইয়াৰ পূৰ্বেও অঞ্চলটোত সংঘটিত হৈছিল হিংসাত্মক ঘটনা। মৃত্যু হৈছিল ১০০জনকৈ লোকৰ। মুছলমান পশুপালক আৰু খ্ৰীষ্টান কৃষকৰ মাজত হৈছিল সংঘাত। দীৰ্ঘদিনৰ পৰা চলি অহা গোষ্ঠীসংঘৰ্ষৰ ভয়াৱহ পৰিণতিতেই সংঘটিত এই ঘটনা।
