নাইজেৰিয়াত ফুৰিবলৈ গৈ অপহৃত অসমৰ মহিলা বক্সাৰ

228

এক চাঞ্চল্যকৰ ঘটনাত গুৱাহাটীৰ এগৰাকী মহিলা বক্সাৰক নাইজেৰিয়াত দুষ্কৃতিকাৰীয়ে বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে।

খবৰ অনুসৰি, ২৮ অক্টোবৰত বৰ্ণালী বৰা শইকীয়া নামৰ ভুক্তভোগীগৰাকীয়ে নাইজেৰিয়ালৈ ছুটীত গৈছিল আৰু তাৰ পিছত পৰৱৰ্তী তিনিদিন ধৰি ভুক্তভোগীৰ পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাছিল।

কিন্তু চতুৰ্থ দিনা কোনোমতে পৰিয়ালৰ লোকৰ কাষ চাপি নিজৰ অৱস্থাৰ বিষয়ে অৱগত কৰে।

বাৰ্নালীৰ মতে, নাইজেৰিয়াৰ বিমানবন্দৰৰ পৰা কিং নামৰ এজন ব্যক্তিয়ে তেওঁক লৈ গৈ ভিছা আৰু পাছপ’ৰ্ট কাঢ়ি লৈ যায়।

বৰ্ণালী বৰা শইকীয়াৰ কন্যাই নিশ্চিত কৰে যে ২৮ অক্টোবৰত মাতৃ ১৪ দিনৰ ভিছা লৈ নাইজেৰিয়ালৈ গৈছিল।

প্ৰাথমিক তথ্যৰ ভিত্তিত ভুক্তভোগীৰ পৰিয়ালে দিছপুৰ আৰক্ষী থানাত এফআইআৰ দাখিল কৰি উল্লেখ কৰিছে যে বৰ্ণালী বৰা শইকীয়াৰ উভতি অহাৰ টিকট ১৩ অক্টোবৰৰ নিশা ১০:৪৫ বজাত স্বামী নয়ন শইকীয়া নামৰ এজন ব্যক্তিৰ হাতত আছিল, অৱশ্যে কিঙে অনুমতি নিদিলে বৰ্ণালী বিমানবন্দৰ পাবলৈ।

ইয়াত উল্লেখ কৰিব পাৰি যে কিং বুলি চিনাক্ত কৰা নাইজেৰিয়ান লোকজনে ছমাহ পূৰ্বে গুৱাহাটীত বৰ্ণালী বৰা শইকীয়াৰ পৰিয়ালৰ সৈতে চিনাকি হৈছিল।

বৰ্ণালীক নিৰাপদে ঘৰলৈ ঘূৰাই অনাৰ স্বাৰ্থত অতিৰিক্ত সহায়ৰ বাবে দিল্লী অপৰাধ শাখালৈও হাত আগবঢ়াইছে পৰিয়ালটোৱে।