নলবাৰী জিলা সাহিত্য সভাৰ ৩৪সংখ্যক প্ৰতিষ্ঠা দিৱস

124

সোমবাৰে নলবাৰী জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰাৰ লগতে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী স্মৃতি তোৰণ উদ্ঘাটন অনুষ্ঠানৰ আয়োজন কৰা হয়। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডা০ বিপিন চন্দ্ৰ কলিতাই। আনহাতে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী স্মৃতি তোৰণ উদ্ঘাটন কৰি স্থানীয় বিধায়ক অশোক শৰ্মাই অধ্যয়নৰ প্ৰতি আগ্ৰহী হ’বলৈ যুৱ প্ৰজন্মক আহ্বান জনায়।

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে কয় যে বৰ্তমান সময়ত অধ্যয়ণৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। নাৰী সকলেই পৃথিৱীৰ শ্ৰেষ্ঠতম শক্তি বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে অকল নাৰীয়ে বেছিকৈ কিতাপ কিনিলে নহব, সকলোৱে কিতাপ কিনিব লাগিব। সমাজত পাঠকৰ সৃষ্টি কৰিব লাগিব।

সভাখনত আনগৰাকী বিশিষ্ট অতিথি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই গ্ৰন্থৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িছে বুলি কয়। প্ৰতিদিনে সমাজত গ্ৰন্থ প্ৰকাশৰ সংখ্যা বাঢ়িছে বুলি উল্লেখ কৰি প্ৰধান সম্পাদক শৰ্মাই নলবাৰী জিলা সাহিত্য সভাই সম্প্ৰতি সাহিত্যৰ দিশত অগ্ৰণী ভুমিকা পালন কৰি আছে মন্তব্য কৰে।