আইদুল হুছেইন, নলবাৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ৫৮নং জয়সাগৰ বৰতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত পূব তাপাবড়ী চুবাৰ ৰাইজে মিলি নিৰ্মান কৰিলে এটা পথ। এম জি এনেৰেগাৰ অধীনস্থ এই পথটি জালনুৰ আলীৰ বাটৰ পৰা আব্দুল আলীৰ বাটলৈ ৰাইজে মিলি নিৰ্মান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই উদ্দেশ্যে কামৰ পৰিচালনাৰ বাবে এখন কমিটী গঠন কৰে। পথটো কোনো মধ্যভোগী বা ঠিকাদাৰৰ নেতৃত্বত নিৰ্মান কৰিব নিদিবলৈ সংকল্প গ্ৰহণ কৰে।
স্থানীয় জাকিৰ হুছেইনক সভাপতি হিচাপে লৈ ১১জনীয়া কমিটী গঠন কৰি বৰ্তমান এই পথটোৰ নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে। পূৰ্বতে এই পথটোত অৰ্থাৎ ২০১৮-১৯ বৰ্ষত নিৰ্মাণ কৰাৰ বাবদ আবণ্টিত ৪,৮০,০০০ টকাৰ শতকৰা ১০ শতাংশৰো কম কাম কৰি কিছু মাটি ছটিয়াই দি সমুদায় ধন আত্মসাত কৰাৰ ফলত পথটোৰে অহা-যোৱা কৰা লোকসকলৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলো বিমোৰত পৰিছিল। কিয়নো পথটোত বাৰিষা হলেই একাঠু বোকাৰে ভৰি পৰে বুলি অভিযোগ উত্থাপন কৰিছে এই অঞ্চলৰ ৰাইজে।