নলবাৰীৰ বাসগৃহত ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন প্ৰাক্তন মুখ্যমন্ত্ৰী ডা০ ভূমিধৰ বৰ্মনৰ

49

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী ডা০ ভূমিধৰ বৰ্মনৰ। অসংখ্য গুণমুগ্ধ তথা অনুৰাগীৰ উপস্থিতিত মঙলবাৰে নলবাৰীৰ বেলশৰৰ শিঙিমাৰীত থকা বাসগৃহত অন্তিম সৎকাৰ কৰা হয় ডা০ বৰ্মনৰ নশ্বৰ দেহৰ।

এক শোকাবিহ্বল পৰিস্থিতিত ডা০ বৰ্মনৰ মুখাগ্নি কৰে পুত্ৰ দিগন্ত বৰ্মনে। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নাৰায়ণ ডেকা, প্ৰশান্ত ফুকন, প্ৰমুখ্য ভালেসংখ্যক বিশিষ্ট ব্যক্তি।