বৃহস্পতিবাৰে নলবাৰী জিলাত তীব্ৰ নদীৰ প্ৰবাহৰ ফলত উটি যোৱা লোকজনৰ মৃতদেহ শুকুৰবাৰে পুৱা উদ্ধাৰ কৰা হয়
নিহত লোকজনক বৰভাগৰ চেনিকুচী গাঁৱৰ নিখিলেশ মল্ল বৰুৱা বুলি চিনাক্ত কৰা হৈছে।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, তেওঁক শেষবাৰৰ বাবে বৃহস্পতিবাৰে বজাৰৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত দেখা গৈছিল।
এইবছৰ অসমত বানপানী সম্পৰ্কীয় এইটো প্ৰথম মৃত্যু।
বৃহস্পতিবাৰে অসমত বান পৰিস্থিতি অধিক অৱনতি ঘটে। ৰাজ্যখনৰ কেইবাটাও ঠাইত নিৰন্তৰ বৰষুণৰ ফলত নতুন অঞ্চল প্লাবিত হোৱাৰ ফলত ২২ খন জিলা আৰু উপ অঞ্চসৰ ৪ লাখৰো অধিক লোক প্ৰভাৱিত হয়।