শনিবাৰে নলবাৰীৰ হৰিপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয়।
উল্লেখ্য যে, শনিবাৰে হৰিপুৰত আৰজেবি ০৫ জিবি ৭৪৩৬ আৰু এনএল ০১ এবি ৬৫০৬ নম্বৰৰ দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত এনএল ০১ এবি ৬৫০৬ নম্বৰৰ ট্ৰাকখনৰ চালকক চিকিত্সালয়লৈ প্ৰেৰণ কৰে।
ইফালে আৰক্ষীয়ে ট্ৰাকখনৰ কেবিনৰ পৰা ১০০ কেজি গাঞ্জা জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
