নলবাৰীত ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ অভিযান, স্বামী-স্ত্ৰীক আটক

81

নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত শিঙিমাৰীত শুকুৰবাৰে বেলশৰ, নলবাৰী আৰু ঘগ্ৰাপাৰ থানাৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এহাল পতি-পত্নীক আটক কৰিবলৈ সক্ষম হয়।

দীৰ্ঘদিনৰ পৰা অঞ্চলটোত স্বামী-স্ত্ৰীয়ে মিলি ড্ৰাগছৰ গোপন ব্যৱসায় কৰি আহিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। এক বিশেষ সূত্ৰৰ পম খেদি আজি অৱশেষত আৰক্ষীয়ে দুয়োকে আটক কৰিবলৈ সক্ষম হয়। ধৃত দম্পত্তিহাল পুলক বৰ্মন আৰু দুলু বৰ্মন বুলি জানিবলৈ দিছে আৰক্ষীয়ে।