নলবাৰীত ‘আন্তৰ্জাতিক নাৰী দিৱস’ উদযাপন

91

নলবাৰী জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসন,জিলা আইন সেৱা সাহায্য প্ৰাধিকৰণ,জিলা মহিলা সমিতি তথা ৰাজ্যিক মহিলা সম্পদ কেন্দ্ৰৰ সহযোগত যোৱা ৮ মাৰ্চত নলবাৰী জিলা মহিলা সমিতিৰ কাৰ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।এই উপলক্ষে পুণ্যময়ী বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ভাষণ প্ৰসংগত অধিবক্তা অৰুণিমা চক্ৰৱৰ্তীয়ে আইনৰ ক্ষেত্ৰত মহিলাসকলক সজাগ-সচেতন হৈ আগবাঢ়িবলৈ আহ্বান জনায়।

অনুষ্ঠানত ব্ৰহ্মকুমাৰী পঞ্চতপাই কয় যে মহিলাসকল সদা-সচেতন হোৱা উচিত।কাৰণ,মাতৃয়ে সমাজৰ ভেটি।এইক্ষেত্ৰত আধ্যাত্মিক চেতনাৰে পৰিপুষ্ট হোৱা উচিত মহিলাসকল। য’ত থাকিব সততা,নিৰ্মলতা।প্ৰসংগক্ৰমে তেওঁ কয় যে পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী মহিলা থাকে।কিন্তু মহিলাৰ সফলতাৰ আঁৰত পুৰুষ থাকিবও পাৰে,নাথাকিবও পাৰে।

সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব দুৱৰি দত্ত,জিলা সমাজ কল্যাণ বিষয়া দীনেশ দাস,মধুপুৰৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া অচ্যুৎ তালুকদাৰ,নলবাৰীৰ আবেক্ষণ বিষয়া মহেন্দ্ৰ অধিকাৰী,নলবাৰীৰ প্ৰকল্প বিষয়া পিংকু বণিয়া,বৰভাগৰ প্ৰকল্প বিষয়া নাচৰিণ চুলতানা আদিও উপস্থিত থাকে।