সমগ্ৰ বিশ্বতে কোৰোণা মহামাৰীয়ে সন্ত্ৰাস চলাই থকাৰ সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ চিকিৎসালয়ৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। জানিব পৰা মতে, ঘগ্ৰাপাৰ ব্লক চিকিৎসালয়ৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ যাদৱ লহকৰৰ পুত্ৰ গজেন লহকৰ আজি কিছুদিন ধৰি কাহ, জৰত ভুগি আছিল। সোমাবাৰে লোকজনে নিজে আশা কৰ্মীক লগ ধৰি অসুখৰ কথা অৱগত কৰে যদিও আশা কৰ্মীগৰাকীয়ে কোনো ধৰণ গুৰুত্ব প্ৰদান নকৰাত নিজে ঘগ্ৰাপাৰ চিকিৎসালয়ত গৈ চিকিৎসকক দেখুৱাতত তেওঁৰ কভিড–১৯ পৰীক্ষা কৰিবলৈ অকলে নলবাৰীৰ ৰাজকদমতল হাইস্কুলৰ কেন্দ্ৰলৈ পঠাই দিয়ে। আৰু তাৰ পৰা তেওঁলোকে গাড়ীৰে নালবাৰীলৈ নি লাগতীয়াল পৰীক্ষাসমূহ কৰি হাতত ষ্টাম্প মাৰি নালবাৰীতে এৰি দি হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে লোকজনক।উপায় নাপাই ৰোগীজনে ভোকতে নলবাৰীত চাহ–ভাত খাই যাত্ৰীবাহী গাড়ীৰে ঘৰলৈ আহে। উক্ত ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা। যদি ৰোগীজনক কোভিড–১৯ বুলি সন্দেহ কৰা হৈছে, তেন্তে কিয় এনেদৰে নলবাৰীতে এৰি দিছে, যদি কোনো সন্দেহ কৰা নাই কিয় যুৱক জনৰ হাতত ষ্টাম্প মাৰি হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিলে। অকলে ঘৰলৈ আহিব দিয়া যুৱকজনৰ যদি কোভিড–১৯ পজিটিভ ওলাই তেওঁৰ সংস্পৰ্শলৈ অহা মানুহক কেনেকৈ বিচাৰিব বুলি ছাত্ৰ সন্থাই প্ৰশ্ন উত্থাপন কৰে।আনহাতে আজি ইয়াৰ প্ৰতিবাদত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিকুঞ্জ শৰ্মা আৰু হিৰক শৰ্মাৰ নেতৃত্বত যোৱা এটি দলে ঘগ্ৰাপাৰ ব্লক প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়াক ঘেৰাও কৰি জবাবদিহি কৰি নলবাৰী জিলাৰ যুটীয়া সঞ্চালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইপিনে, স্বাস্থ্য বিষয়াগৰাকীয়ে চিকিৎসালয়খনত পৰ্যাপ্ত সা-সুবিধা নাই বুলি কৈ নিজৰ ভুলৰ কথা স্বীকাৰ কৰি ভৱিষ্যতে এনে ভুল নহয় বুলি কৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্রতিবাদকাৰীসকলক আশ্বাস দিয়ে।
Latest article
হেল্থৰিটাৰ্ণছ™-এ ৩৫০ বিলিয়ন খোজৰ ঘৰ অতিক্ৰম কৰাৰ বাবে ১ লাখ+ পলিচীধাৰকক ৰিৱাৰ্ডছ প্ৰদান আদিত্য...
আদিত্য বিৰলা কেপিটেলৰ অংশ আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(এভিআইচিএল)-এ ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখতকৈও অধিক পলিচীধাৰকে স্বাস্থ্যকৰ জীৱনশৈলীত সক্ৰিয়ভাৱে জড়িত হৈ হেল্থৰিটাৰ্ণছ™ মডেলৰ...
আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক
সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যক্তি ইৰিটেবল বাৱেল চিণ্ড্ৰম (আইবিএছ) নামেৰে জনাজাত সাধাৰণ গেষ্ট্ৰাইটিছ ৰোগত আক্ৰান্ত। দীৰ্ঘদিনীয়া পেটৰ বিষ, পেট ফুলা আৰু মলত্যাগ কৰাৰ তাৰতম্য...
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ২৪ লাখ টকাৰ জৰিমনা
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ইয়াত গুজৰাট টাইটানছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলৰ সময়ত ধীৰ অভাৰৰ বাবে ২৪ লাখ টকাৰ জৰিমনা...