নলবাৰীত আছুৰ বিক্ষোভ কাৰ্যসুচী

342

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি নলবাৰী শ্বহীদ ভৱন বাকৰিৰ সম্মুখত নলবাৰী জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসুচী ৰুপায়ন কৰে

বান-গৰখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰা,বানাক্ৰান্তক পৰ্যাপ্ত সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ দাৱীত আজি নলবাৰী জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসুচী ৰুপায়ন কৰে ।

বিক্ষোভ কাৰ্যসুচীত মুখ্যমন্ত্ৰী হায় হায়,বানপানীক কেন্দ্ৰীয় সমস্যা হিচাপে ঘোষনা কৰা আদি শ্লোগান প্ৰদৰ্শন কৰে ছাত্ৰ সন্থাৰ নেতা কৰ্মীয়ে

উল্লেখযোগ্য যে আজিৰ উক্ত কাৰ্যসুচীত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা,নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকা,সভাপতি গুনজৌতি পাঠক আদি আছুৰ নেতৃবৃন্দ