ননৈ বাদল গাঁৱত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ কাৰ্যালয়-তোৰণৰ শুভ উদ্বোধন

128

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসম ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ ননৈ বাদল গাঁৱত অৱস্থিত জিলা কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা গৃহ আৰু তোৰণৰ শুভ উদ্বোধন ৰবিবাৰে সম্পন্ন কৰা হয়। এই উপলক্ষে কাৰ্যালয়টিৰ অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত সভাপতিত্বত কৰে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই।

জিলা সম্পাদক নৰেন্দ্ৰ নাথ শৰ্মাই আঁত ধৰা সভাত বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা উপস্থিত থকাৰ উপৰিও নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি লক্ষ্মী নাৰায়ণ শৰ্মা, অসম ব্ৰাহ্মণ সমাজৰ প্ৰধান সম্পাদক গণেশ শৰ্মা, শিক্ষা বিষয়া প্ৰবীন চন্দ্ৰ শৰ্মা, অসম মহিলা ব্ৰাহ্মণ সমাজৰ সম্পাদিকা সবিতা দেৱী, উপ সভানেত্ৰী লাবণ্য ভট্টাচাৰ্য্যৰ উপৰি নগাঁও মহিলা ব্ৰাহ্মণ সমাজৰ বিষয়ববীয়া সকলৰ লগতে নগাঁও আৰু হোজাই জিলাৰ প্ৰায় তিনি শতাধিক কৰ্মকৰ্তা উপস্থিত থাকে।

সভাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত থকা ধৰ্মীয় উপাসনা স্থলীসমূহ উন্নয়নৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি বিধায়ক হোৱাৰ পিছত বিধায়ক পুঁজিৰ প্ৰথম ধন এই কাৰ্যালয়টো নিৰ্মাণৰ ক্ষেত্ৰত দিয়া হৈছে। এই বিধায়ক পুঁজিৰ পাঁচ লাখ টকা ইতিমধ্যে কাম কৰি সম্পূৰ্ণ কৰাৰ পিছত আজি বিধায়কগৰাকীয়ে নিজে ফিটা কাটি কাৰ্যালয়টো উদ্বোধন কৰাৰ লগতে সমাজৰ উন্নয়নৰ দিশটো লক্ষ্য ৰাখি সুতাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ সহযোগত আৰু পাঁচ লাখ টকা দিয়াৰ কথা ঘোষণা কৰে।

ইফালে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ব্ৰাহ্মণ সমাজক সকলো ক্ষেত্ৰতে সহায়-সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ইফালে ব্ৰাহ্মণ পৰিয়ালৰ শিক্ষিত যুৱকসকলে বৈদিক কৰ্মৰ প্ৰতি আকৃষ্ট হোৱা উচিত বুলি উল্লেখ কৰি এই কৰ্মৰ জৰিয়তে নিজকে সংস্থাপিত কৰিব পাৰে বুলি উল্লেখ কৰে। বৈদিক কৰ্মৰ প্ৰতি যিসকল লোক আগ্ৰহী সেইসকল লোকে বহু সময়ত উপযুক্ত পুৰোহিতৰ অভাৱ অনুভৱ কৰে। এই ক্ষেত্ৰত ব্ৰাহ্মণৰ যুৱকসকলে বৈদিক গ্ৰন্থসমূহ অধ্যয়ন কৰি নিজকে সমাজত এজন পুৰোহিত হিচাপে প্ৰতিষ্ঠা কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰে।

সভাত অসম ব্ৰাহ্মণ সমাজৰ প্ৰধান সম্পাদক গণেশ শৰ্মাৰ উপৰিও নগাঁও জিলা সমাজৰ প্ৰাক্তন সভাপতি লক্ষ্মী নাৰায়ণ শৰ্মাই সমাজৰ উন্নয়ণৰ ওপৰত দীঘলীয়া ভাষণ আগবঢ়ায়। সভাত অসম মহিলা ব্ৰাহ্মণ সমাজৰ উপ-সভানেত্ৰী লাৱণ্য ভট্টাচাৰ্য উপস্থিত থাকি ভাষণ প্ৰসংগত ব্ৰাহ্মণ মহিলাসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত ভাষণ আগবঢ়ায়। নাৰীয়ে সকলো কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ ল’ৰা-ছোৱালীক সংস্কাৰ দিয়াৰ ক্ষেত্ৰত ঘৰৰ মহিলাগৰাকীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে। নিজৰ কৃষ্টি,সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত নিজৰ ল’ৰা ছোৱালীক মাকে বহু কথাৰ শিক্ষা দি সমাজত সু নাগৰিক হিচাপে গঢ় দিব পাৰে।

সভাত অসম মহিলা ব্ৰাহ্মণ সমাজৰ প্ৰধান সম্পাদিকা সবিতা দেৱীয়ে ভাষণ প্ৰসংগত সমাজৰ উন্নয়নৰ দিশত আলোকপাত কৰে। সভাৰ শেষত সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই নগাঁও জিলাত থকা সকলো ব্ৰাহ্মণ পৰিয়ালক ওলাই আহি সমাজখনক আগবঢ়াই নিবলৈ আহ্বান জনায়। বিশেষকৈ ১৯৭৩ চনতে স্থাপিত নগাঁও জিলা ব্ৰাহ্মণ সমাজে পূৰ্বৰ তুলনাত যথেষ্ট আগবাঢ়ি গৈছে। বিশেষকৈ সমাজৰ এটা নিজা গৃহ হৈছে আৰু ভূমিদাতাসকলৰ জড়িয়তে লাভ কৰা ভূমিত নিজা গৃহৰ কাষতে থকা মাটিত আন কেইবাটাও আঁচনি হাতত লৈ সমাজখনক আগবঢ়াই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।

ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে অবিভক্ত নগাঁও জিলাত বৃহৎ সংখ্যক ব্ৰাহ্মণ পৰিয়াল আছে। এই সকলো ব্ৰাহ্মণ পৰিয়াল আগবাঢ়ি আহিলে অসম ব্ৰাহ্মণ সমাজ বহুদূৰ আগবাঢ়ি যাব বুলি উল্লেখ কৰে। সভাৰ আৰম্ভণিতে শিৱ শ্লোক পাঠ কৰে শংশাক শেখৰ শৰ্মা আৰু তেওঁৰ জীয়ৰীয়ে। ইয়াৰ পিছতে গীতা শ্লোক আৰু গণেশ বন্দনা পাঠ কৰে ৰাম চন্দ্ৰ গোস্বামীয়ে। মুকলি সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে পুৱা ৯-৩০ বজাত সমাজৰ পতাকা উত্তোলন কৰে জিলা সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই, প্ৰয়াত যোগেন শৰ্মাৰ স্মৃতিত দীপ্তি শৰ্মাই আগবঢ়োৱা তোৰণ সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে তোৰণ উন্মোচন কৰাৰ পিছতে ১০ বজাত স্মৃতি তৰ্পণ কৰে বিপুল চন্দ্ৰ শৰ্মাই।

কাৰ্যসূচীৰ লগত সংগতি ৰাখি সমাজৰ কাৰ্যালয়ৰ লগতে থকা শিৱ মন্দিৰত শিৱ হোম,বিষ্ণু হোম আৰু বেদ পাঠ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত ভূমি দাতা,কাৰ্যালয়ৰ চৌহদৰ বেৰৰ দাতা, কাৰ্যালয়ৰ গৃহৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা দাতাসকলৰ লগতে সমাজত সততে বুজন পৰিমাণৰ আৰ্থিক অনুদান দি সমাজখনক আগবঢ়াই নিয়া দাতাসকলক বিশেষ ভাৱে আদৰণি জনোৱা হয়।