নদীবান্ধ বিৰোধী শ্ল’গান লিখাৰ বাবেই গ্ৰেপ্তাৰ চিত্ৰশিল্পী নীলিম মহন্তক

116

চৰকাৰে নদীবান্ধৰ সমৰ্থনত আঁকিব দিয়া ছবিৰ তলত নদীবান্ধ বিৰোধী শ্লোগান লিখাৰ অপৰাধত গ্ৰেপ্তাৰ চিত্ৰশিল্পী নীলিম মহন্তক।

দেওবাৰে অসম আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিত্ৰশিল্পীগৰাকীক।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ৫০ সংখ্যক বৰ্ষপূতিৰ সময়ত নীলিম মহন্তক সচিবালয়ৰ দেৱালয়ত অংকন কৰিবলৈ দিছিল নদীবান্ধৰ সমৰ্থনত এখন ছবি।

অভিযোগ অনুসৰি চিত্ৰশিল্পী নীলিম মহন্তই ছবিখন অংকন কৰাৰ পিছত তলত “ন’ বিগ ডেম” বুলি নদীবান্ধ বিৰোধী এটা শ্লোগান লিখে।

যাৰ বাবে দেওবাৰে অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত লখিমপুৰৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে চিত্ৰশিল্পী গৰাকীক।

জানিব পৰা মতে, নীলিম মহন্তৰ বিৰুদ্ধে ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।