বৃহস্পতিবাৰে বিশ্বৰ বৃহতম নদীদ্বীপ মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ গড়মূৰত ৰাজ্যৰ প্ৰথমটো হেলিপ’ৰ্ট আৰু অতিথি গৃহৰ শুভ উদ্বোধন কৰে। প্ৰায় ৫০ লাখ টকা ব্যয়েৰে তিনিখন হেলিকপ্টাৰ সমসাময়িকভাৱে অৱতৰণ কৰিব পৰাকৈ হেলিপ’ৰ্টটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাজুলীক পৰ্যটনৰ ক্ষেত্ৰত অধিক গতিশীল কৰিবলৈ হেলিপ’ৰ্ট নিৰ্মাণ কৰা হৈছে ৷
বৃহৎ নদীদ্বীপ মাজুলী সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় আছে ৷ মাজুলী হৈছে সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তাৰ প্ৰাণকেন্দ্ৰ ৷ মাজুলীক বিশ্বৰ পৰ্যটনৰ মানচিত্ৰক উজলাই তোলাৰ বাবে ইয়াৰ পৰ্যনট আন্তঃগাঁথনি শক্তিশালী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ লগতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সোণোৱালে মাজুলীত শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে।