গণেশ চতুৰ্থীৰ বিশেষ দিনটোতে মঙলবাৰে দুপৰীয়া ১:১৫ বজাত নতুন সংবিধান ভৱনত কৰা হ’ল আনুষ্ঠানিক প্ৰৱেশ। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণত কয় যে নতুন সংসদ ভৱনৰ নাম হৈছে “পাৰ্লিয়ামেণ্ট হাউচ অৱ ইণ্ডিয়া”। আনহাতে পুৰণি সংসদ ভৱনটোৰ নাম আছিল “সংবিধান সদন” ।
মঙলবাৰে পুৱা পুৰণি সংসদ ভৱনৰ পৰা ওলাই অহাৰ প্ৰাকক্ষণত সংসদৰ সদস্যসকলে ভাৰতীয় গণতন্ত্ৰৰ বহু ইতিহাসৰ সাক্ষী হৈ থকা পুৰণি সংসদ ভৱনটোক শ্ৰদ্ধাঞ্জলি জনায়। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পুৰণি সংসদ ভৱনৰ “প্ৰতিটো ইটা”ক শ্ৰদ্ধাঞ্জলি জনায়। কয়, “পুৰণি সংসদ ভৱনে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰিব।” ইয়াৰ পিছত তেওঁ কয় যে সকলোৰে অনুমতি সাপেক্ষে পুৰণি সংসদ ভৱনৰ নাম হ’ব “সংবিধান ভৱন”, আনহাতে নতুন সংসদ ভৱনৰ নাম হ’ব “ভাৰতীয় সংসদ ভৱন”।
মোদীয়ে লগতে কয়, “মই ১৫ আগষ্টত লালকিল্লাত দিয়া ভাষণত কৈছিলো, এয়া সময়, সঠিক সময়।” নতুন চেতনাৰে পুনৰ সাৰ পাই উঠিছে ভাৰত। ভাৰত নতুন শক্তিৰে ভৰপূৰ। এই আত্মা আৰু শক্তিয়ে কোটি কোটি মানুহৰ সপোনক দৃঢ়তালৈ ৰূপান্তৰিত কৰিব পাৰে, সেই সংকল্পক বাস্তৱত পৰিণত কৰিব পাৰে।” মোদীয়ে লগতে কয়, ‘ভাৰত অতি শীঘ্ৰে তৃতীয় শক্তিশালী দেশ হ’বলৈ গৈ আছে। গোটেই পৃথিৱীয়ে জানে।”
