নতুন শ্ৰম আইনক লৈ চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰিয়ংকাৰ…

74

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে সংসদত নতুন শ্ৰম আইন গৃহীত কৰাৰ পিছতে চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সচেতন মহল। শেহতীয়াকৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও নতুন শ্ৰম আইন গৃহীত কৰাক লৈ মোডী চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। প্ৰিয়ংকা গন্ধীয়ে টুইটত চৰকাৰক সমালোচনা কৰি লিখে যে চৰকাৰৰ কাম হৈছে দেশৰ সকলো লোকৰ সংস্থাপন সুৰক্ষিত ৰখাৰ বাবে কাম কৰা, কিন্তু নতুন শ্ৰম আইনৰ জৰিয়তে চৰকাৰে সংস্থাপন হ্ৰাস কৰাটোহে সহজ কৰি তুলিলে। ইয়ে ব্যক্তিগত খণ্ডক লাভাৱাম্বিত কৰি আৰু সাধাৰণ লোকক সংস্থাপনহীন কৰি তুলিব।

প্ৰিয়ংকাই টুইটত লিখিছে, ‘এই কঠিন সময়ৰ দাবী- কোনোৱে সংস্থাপন হেৰুৱাব নালাগে। সকলোৰে জীৱিকা সুৰক্ষিত থাকিব লাগে। কিন্তু বিজেপি চৰকাৰৰ নীতি চাওক… বিজেপি চৰকাৰে এতিয়া এনে আইন আনিছে, যাৰ দ্বাৰা কৰ্মচাৰীসকলক চাকৰিৰ পৰা বাহিৰ কৰা সহজ হৈ পৰিল… ৱাহ ৰে চৰকাৰ, সহজ কৰি পেলালা অত্যাচাৰ…।’