নতুন মন্ত্ৰীসভাত কি পদ লাভ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

64

ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কি দায়িত্বত থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কালি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত ললে ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰিত্বৰ শপত ললে ১৩ গৰাকীকৈ বিধায়কে। এইবাৰ মন্ত্ৰী হল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসো। মন্ত্ৰীসভাত স্থান পালে পীযুষ হাজৰিকা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, কেশৱ মহন্ত, পদ্ম হাজৰিকা, পৰিমল শুক্লবৈদ্য অজন্তা নেওগে। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাক লৈ এতিয়াও স্পষ্ট নহয় ৰাজ্যিক বিজেপিৰ নেতৃত্ব।

মাজুলী সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ২০১৬ চনত মুখ্যমন্ত্ৰী হৈছিল সৰ্বানন্দ সোণোৱাল। এইবাৰো তেওঁ মাজুলী সমষ্টিৰ পৰাই বৃহত্ ভোটত জয়লাভ কৰিছে। কিন্তু মুখ্যমন্ত্ৰীৰ দৌৰত এইবাৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাতকৈ পিছ পৰি ৰল সৰ্বানন্দ সোণোৱাল। ড০ শৰ্মাৰ মন্ত্ৰীসভাত কি পদ লাভ কৰিব সৰ্বানন্দ সোণোৱালে, তাক লৈ এতিয়া আৰম্ভ হৈছে চৰ্চা। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ কেৱল মাজুলী সমষ্টিৰ বিধায়কৰূপেহে দায়িত্ব পালন কৰিব নেকি বুলিও একাংশই প্ৰকাশ কৰিছে আশংকা।

ইফালে, নতুন কেবিনেটত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এক বিশেষ মৰ্যাদা প্ৰদান কৰা হব বুলি ইংগিত প্ৰদান কৰিছে ৰঞ্জিত কুমাৰ দাসে। সোণোৱালক প্ৰদান কৰিবলগা পদবী সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে। কিন্তু নতুন কেবিনেটত কোন কোন থাকিব সেই বিষয়ে কেৱল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইহে জানে বুলিও মন্তব্য কৰে ৰঞ্জিত দাসে। এনে পৰিস্থিতিত সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সোনোৱালক ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পদত অধিষ্ঠিত কৰায়, তাক লৈ সোণোৱালৰ সমৰ্থকৰ মাজত বৃদ্ধি পাইছে উত্কণ্ঠা।