নতুন বছৰত অভিলেখ সৃষ্টি হল অসম গ্ৰন্থমেলাত

110

উদুলি-মুদুলি অসম গ্ৰন্থমেলাৰ বাকৰি। নতুন বছৰৰ পাতনিতে অভিলেখ সৃষ্টি হ’ল অসম গ্ৰন্থমেলাত৷

চানমাৰিৰ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰৰ বাকৰিত ২৯ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অসম প্ৰকাশন পৰিষদ আৰু পুথি প্ৰকাশক বিক্ৰেতা সংস্থাই যুটীয়াভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে।

গ্ৰন্থমেলা আৰম্ভ হোৱাৰে পৰা মাত্ৰ চাৰি দিনতে বিক্ৰী হয় অভিলেখসংখ্যক প্ৰায় ১ কোটি মূল্যৰো অধিক গ্ৰন্থ। প্ৰথম দিনা বিক্ৰী হৈছে ১৫ লাখ টকাৰ গ্ৰন্থ। দ্বিতীয় দিনা বিক্ৰী হৈছে ২৫ লাখ টকাৰ গ্ৰন্থ। তৃতীয় দিনা গ্ৰন্থমেলাত বিক্ৰী হৈছে ২০ লাখ টকাৰ গ্ৰন্থ আৰু বছৰটোৰ প্ৰথমটো দিনত বিক্ৰী হৈছে অভিলেখ সংখ্যক ৪০ লাখ টকাৰ গ্ৰন্থ।

ইয়াৰোপৰি, উদ্যোগতা অসম প্ৰকাশক পৰিষদৰ বিপণিত বিক্ৰী হৈছে চাৰিটা দিনত চাৰিলাখ টকাৰ গ্ৰন্থ। উল্লেখ্য যে, গ্ৰন্থমেলাৰ ২৫ হাজাৰ টিকট বিক্ৰী হোৱাৰ বিপৰীতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰা হৈছে।

অসম গ্ৰন্থমেলাত কেইবাখনো কিতাপে লাভ কৰিছে পাঠকৰ বিপুল সমাদৰ। তাৰে ভিতৰত এইবাৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত অনুৰাধা শৰ্মা পূজাৰীৰ ‘ইয়াত এখন অৰণ্য আছিল’ নামৰ উপন্যাসখন বিচাৰি বিপণীয়ে বিপণীয়ে ভিৰ কৰিছেহি পাঠকে। মাত্ৰ চাৰিটা দিনতে গ্ৰন্থমেলাৰ প্ৰায়ভাগ বিপণীতে নাইকিয়া হৈছে এই গ্ৰন্থখন।

অনুৰাধা শৰ্মা পূজাৰীৰ আন এখন গ্ৰন্থ মেৰেং, ৰত্নোত্তমা দাস বিক্ৰমৰ অৰ্বাচীন, বৈদুৰ্য বৰুৱাৰ গ্ৰন্থ আকৌ চেণ্টু দা আৰু নৱাগতা লেখিকা ইন্দ্ৰাণী শৰ্মাৰ আবিৰ নামৰ গ্ৰন্থকেইখনৰ বৃদ্ধি হৈছে৷ লগতে লাচিত বৰফুকন নামৰ গ্ৰন্থখনৰো বিক্ৰী ভাল হোৱা বুলি মন্তব্য কৰে বিক্ৰেতাই।

উল্লেখ্য যে, যোৱাবাৰৰ গ্ৰন্থমেলাৰ অভিলেখ এইবাৰ ভংগ হ’ব বুলি আশাবাদী উদ্যোগতাসকল। উল্লেখযোগ্য যে, শিশু গ্ৰন্থসমূহো বিক্ৰী হৈছে এইবাৰৰ অসম গ্ৰন্থমেলাত।এই পাঁচটা দিনত বিভিন্ন লেখকৰ ১৫০ খনৰো অধিক গ্ৰন্থ উন্মোচন হৈছে।