উত্তৰ পূবৰ ৰাজ্য কেইখনে যাতে কেন্দ্ৰীয় চৰকাৰৰ সকলো জনকল্যাণ মূলক আঁচনিৰ সুফল যাতে সময়মতে লাভ কৰে আৰু অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰই যথাযথ ভাবে মনোযোগ দিব পাৰে তাৰ বাবে উত্তৰ পূবৰ ৰাজ্য কেইখনৰ সাংসদক লৈ গঠন কৰা নৰ্থ-ইষ্ট এম পি ফ’ৰামে জন্মলগ্নৰে পৰা কাম কৰি আহিছে । ইয়াৰ অংশ হিচাপে ১৫ ডিচেম্বৰত ৰাজধানী নতুন দিল্লীৰ “দ্যা লীলা পেলেচ”ত ফেডাৰেচন অব্ ইণ্ডাষ্ট্রিজ এণ্ড কমার্চ অব্ নর্থ- ইষ্টাৰ্ন ৰিজিঅ’ন চমুকৈ ফাইনাৰৰ উদ্যোগত , নৰ্থ-ইষ্ট এম পি ফৰাম আৰু নৰ্থ ইষ্ট ডেভেলপমেন্ট ফাইনেন্স কৰ্প’ৰেচন লিমিটেড, চমুকৈ নেডফিৰ সহযোগত উত্তৰ পূবৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদসকলৰ সৈতে তৃতীয় বাৰৰ বাবে এখন গুৰুত্বপূৰ্ণ মত – বিনিময় বৈঠক অনুষ্ঠিত হয় । ফাইনাৰৰ সভাপতি বজৰং লোহিয়াৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা এই বৈঠকত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে আইন আৰু ন্যায়মন্ত্ৰী তথা নৰ্থ-ইষ্ট এম পি ফ’ৰামৰ অধ্যক্ষ কিৰেণ ৰিজিজু আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম , প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী । আনহাতে মত – বিনিময় বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কেতবোৰ নতুন আৰু অঞ্চলটোৰ লগত খাপখোৱা বাস্তৱ সন্মত আঁচনি গ্ৰহণত গুৰুত্ব আৰোপ কৰে আৰু এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ এজন প্ৰতিনিধি হিচাপে তেওঁ সকলো ক্ষেত্ৰতে সম্ভৱপৰ সহায় – সহযোগিতা আগবঢ়াব বুলি ব্যক্ত কৰে । ইফালে মত – বিনিময় বৈঠকত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ২০৩০ চনৰ ভিতৰত হায়দ্ৰোকাৰ্বন দিশত কেনে ধৰণৰ কাম কৰিব তাৰ আলোকপাত কৰে আৰু তৈলখণ্ডৰ কাম কৰাৰ বাবে চৰকাৰে ৰোডমেপ প্ৰস্তুত কৰা , ঔদ্যোগিক ক্ষেত্ৰৰ বাবে গ্ৰহণ কৰা উন্নয়ন আঁচনি সন্দৰ্ভত ফাইনাৰৰ পৰা দিহা – পৰামৰ্শ বিচাৰে । আনহাতে মত – বিনিময় বৈঠকত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ বিপ্লৱ দেৱ, ডনাৰৰ সচিব লোক ৰঞ্জন , টি ডি বিৰ সচিব ৰাজেশ কুমাৰ পাঠক , ডি পি আই টিৰ যুটীয়া সচিব ৰাজেন্দ্ৰ ৰাটনো , এছ বি আইৰ প্ৰাক্তন অধ্যক্ষ ৰাজনীশ কুমাৰ , ফাইনাৰৰ উপ সভাপতি ৰাজীৱ আগ্ৰৱালকে ধৰি কেইবাগৰাকীও বিষয়াই মত – বিনিময় বৈঠকত ভাগ লয়। তেনেদৰে মত – বিনিময় বৈঠকত নেডফিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক পি ভি এছ এল এন মূর্তিয়ে উত্তৰ পূবৰ উন্নয়নৰ বাবে নেডফিয়ে গ্ৰহণ কৰা আঁচনি সমূহৰ এক চমু বাখ্যা দাঙি ধৰে । মত- বিনিময় বৈঠকৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় ফাইনাৰৰ উপ সভাপতি অমৃত দেওৰাই । উল্লেখযোগ্য যে বৈঠকত ঘাইকৈ উত্তৰ পূবৰ ৰাজ্য কেইখনৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা “অষ্টলক্ষ্মী” , পূবলৈ চোৱা নীতি , আৰু এম এছ এম ই খণ্ডৰ উন্নয়ন সন্দৰ্ভত বিশদ আলোচনা কৰা হয় ।