নতুন দিল্লীত অনুস্থিত এক চৰকাৰী বৈঠকত শুকুৰবাৰে মিলিত হয় মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেন্দ্ৰীয় চৰকাৰৰ আহ্বান মৰ্মে অসম-মিজোৰামৰ মাজত অব্যাহত থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে অনুষ্ঠিত হয় এই বৈঠকখনি। বৈঠকত অসমৰ কৃষি আৰু পশু চিকিৎসা মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে।
বৈঠকৰ পিছত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই কয়, “পৰম্পৰাৰ সৈতে ঐতিহাসিক ভাল সম্পৰ্ক বজাই ৰাখি, অসম আৰু মিজোৰাম বন্ধু হিচাপে আগবাঢ়িব”।
দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে শুক্ৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে।
ইফালে, মুখ্যমন্ত্ৰী শৰ্মাই কয়, “মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গা আৰু মই পুৰণি বন্ধু। আজি আমি একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰোঁ। আমি শুক্ৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে বিষয়বোৰ আলোচনা কৰিবলৈ বহিম”।
