নগৰবেৰাত মাছৰ উজান

168

বানপানী শুকোৱাৰ পাছত বিল-জলাশয়ত উঠিছে মাছ-পুঠিৰ উজান ,হাতে-হাতে জাল-জাকৈ লৈ সকলো ব্যস্ত মাছ মৰাত | নগৰবেৰাৰ বিভিন্ন স্থানত দেখা গৈছে তেনে সমূহীয়া মৎস্য চিকাৰ।
নগৰবেৰাৰ প্ৰতিবেশী শিমলীতোলাৰ এটা জলাশয়ৰ ,কেবাশতাধিক পুৰুষ-মহিলা হাতে-হাতে জাল-জাকৈ লৈ পানীত নামিছে মাছ-পুঠি বিচাৰি।

নাই দুখ-ভাগৰ ,নাই জিৰণি .লক্ষ্য মাথো বিলৰ মাছেৰে খালৈ ভৰোৱাৰ। ,সকলো ব্যস্ত হয় পৰিছে নিজৰ হিচাপত।

উল্লেখযোগ্য যে প্ৰতিবছৰে এই ধৰণে বানপানী শুকোৱা মাত্ৰেই হিলদল ভাঙি সকলো পানীত নামে মাছৰ সন্ধানত।

আনন্দমগণ পৰিবেশ ,যেন এয়া কোনো পৰম্পৰাগত বাৎসৰিক উৎৱৰহে দৃশ্য ! কোনোৱে পাইছে খালৈ ভৰাই ,কোনো জনে নামমাত্ৰ ,পিছে পোৱা নোপোৱালৈ কোনো কথা নাই ।

পাৰস্পৰিক মিলাপ্ৰীতিৰে সকলো আজি উলাহ মগন মৎস্য চিকাৰত , কিয়নো দহৰ লগত লগ লাগি এনে সমূহীয়া ব্যস্ততাৰ মাদকতা কেনে ,সেয়া পানীত নমা সকলেহে ভালকৈ বুজে !