নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান

98

নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান।

আৰক্ষীয়ে বেলগুৰিত অভিযান চলাই গাঞ্জাসহ আটক কৰে এজন লোকক।

আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বেলগুৰিত গাঞ্জাসহ আটক কৰে মতিবুৰ ৰহমানক।

আৰক্ষীৰ অভিযানত জব্দ তিনি কেজি গাঞ্জা ।

ধৃত গাঞ্জা সৰবৰাহকাৰী নগাঁৱৰ হেৰাপাতিৰ মতিবুৰ ৰহমান বুলি জানিব পৰা গৈছে।

হেৰাপাতিৰ মতিবুৰ ৰহমানে ৰূপহীহাটত গাঞ্জা সৰবৰাহ কৰিবলৈ আহি জালত পৰে আৰক্ষীৰ।

সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে গাঞ্জা সৰবৰাহকাৰীটোক।